ETV Bharat / state

Police Medal for Outstanding Service বঁটা লাভ কলিয়াবৰৰ দুই আৰক্ষী বিষয়াৰ

author img

By

Published : Oct 3, 2021, 1:46 PM IST

অসম আৰক্ষী দিৱস(Assam Police Day) ৷ ৰাজ্যৰ প্ৰায় 3.3 কোটি জনতাৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দি থকা আৰক্ষী বিষয়াসকলৰ বাবে এই দিৱসটো উদযাপন কৰা হয় ৷ জনসাধাৰণৰ সুৰক্ষাৰ হকে ৰাজ্যৰ প্ৰতিটো কোণতে নিয়োজিত এই খাকী পোছাক পৰিহিত বিষয়াসকলৰ অৱদান অতুলনীয় ৷ এই অৱদানৰ বাবেই কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস আৰু জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাই লাভ কৰিছে Chief Minister's Police Medal for Outstanding Service- 2020 ৰ বিশেষ সন্মান ৷

Police Medal for Outstanding Servic
কলিয়াবৰবাসীৰ বাবে এক সু-খবৰ

কলিয়াবৰ , 3 অক্টোবৰ : অসম তথা কলিয়াবৰবাসীৰ বাবে এক সু-খবৰ ৷ অসম আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উঠি অহাৰ মাজতে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে দুই আৰক্ষী বিষয়াই ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে দেখুওৱা সাহসীকতাৰ বাবে সফলতাৰ স্বীকৃতি লাভ কৰিছে কলিয়াবৰৰ দুই আৰক্ষী বিষয়াই ৷

Police Medal for Outstanding Service বঁটা লাভ কলিয়াবৰৰ দুই আৰক্ষী বিষয়াৰ

কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস আৰু জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাই লাভ কৰিছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ এই বিশেষ সন্মান ৷ মুখ্যমন্ত্ৰীৰ এই বিশেষ সন্মান লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে দুয়োগৰাকী আৰক্ষী বিষয়া । আৰক্ষী দিৱসৰ দিনা অৰ্থাৎ 1 অক্টোবৰৰ দিনা নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই দুয়োগৰাকী আৰক্ষী বিষয়াক প্ৰদান কৰে এই সন্মান ।

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষকৈ বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত গঁড় হত্যা ৰোধৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে দুই আৰক্ষী বিষয়াই । দুই আৰক্ষী বিষয়াৰ কৰ্ম দক্ষতাৰ ফলতে বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলত এই পৰ্যন্ত চোৰাং চিকাৰীয়ে এটাও গঁড় হত্যা কৰিবলৈ সক্ষম হোৱা নাই । যাৰ ফলত দুই আৰক্ষী বিষয়াক Chief Minister's Police Medal for Outstanding Service- 2020 সন্মানেৰে সন্মানিত কৰা হৈছে ৷

লগতে পঢ়ক: গুৱাহাটীৰ বিমান বন্দৰত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুক উষ্ম আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.