ETV Bharat / state

আদালতত ভাষ্য সলনি কৰিছে সাক্ষীয়ে ! সাৰি যাব পাৰে অভি-নীলৰ হত্যাকাৰী ! - কণিষ্ঠ অধিবক্তা

প্ৰসংগ ডকমকাৰ নৃশংস নীল, অভি হত্যাকাণ্ড । ইতিমধ্যে তিনিগৰাকী সাক্ষীৰ ভাষ্য সলনি । আদালতত ভাষ্য সলনি কৰিবলৈ সাক্ষীক ভীতি প্ৰদৰ্শনৰ অভিযোগ দাখিল নিলোৎপল, অভিজিতৰ পিতৃৰ । দুগৰাকী কণিষ্ঠ অধিবক্তাৰ বিৰুদ্ধেও এজাহাৰ দুই দুৰ্ভগীয়া পিতৃৰ । সাক্ষীৰ ভাষ্য সলনিক লৈ চিন্তিত দুয়োটা পৰিয়াল ।

সাক্ষীৰ ভাষ্য সলনিক লৈ চিন্তিত অভি-নীলৰ দুৰ্ভগীয়া পিতৃ
author img

By

Published : Aug 17, 2019, 6:17 PM IST

Updated : Aug 17, 2019, 6:49 PM IST

নগাঁও,17আগষ্টঃ দেশ কঁপাই যোৱা ডকমকাৰ নৃশংস হত্যাকাণ্ড । কোনো এজন অসমীয়াই বৰ্তমানেও পাহৰিব নোৱাৰা সেই নাৰকীয় কাণ্ডৰ এটা বছৰ অতিক্ৰম কৰাৰ পিছতো ন্যায় পোৱা নাই দুৰ্ভগীয়া পৰিয়াল দুটাই । কিন্তু এনে সময়তে এতিয়া দুশ্চিন্তাত ভুগিছে দুয়োটা পৰিয়াল । কাৰণ এই নৃশংস ঘটনাৰ চাক্ষুষ সাক্ষ্য প্ৰদান কৰা কেবাগৰাকী সাক্ষীৰ ভিতৰত 3 গৰাকী সাক্ষীয়ে ইতিমধ্যেই আদালতত সলনি কৰিছে ভাষ্য । কেৱল এয়াই নহয় একাংশই আদালতত সাক্ষীক ভাষ্য সলনি কৰিবলৈ ভীতি প্ৰদৰ্শনৰ অভিযোগ উত্থাপন কৰিছে নিলোৎপল আৰু অভিজিতৰ পিতৃয়ে । এই অভিযোগত দুগৰাকী কণিষ্ঠ অধিবক্তাসহ মুঠ চাৰিজন লোকৰ বিৰুদ্ধে ডিফু আদালতত ইতিমধ্যে গোচৰ তৰিছে নিলোৎপল, অভিজিতৰ পৰিয়ালে । শনিবাৰে এই গোচৰৰ শুনানী আছিল যদিও নগাঁও আদালতে অহা ৯ চেপ্টেম্বৰত পৰৱৰ্তী শুনানীৰ দিন ধার্য কৰিছে ।

উল্লেখ্য যে সাক্ষীৰ নিৰাপত্তাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ত নিলোৎপল অভিজিতৰ পৰিয়ালে লোকে জনোৱা আবেদনৰ ভিত্তিত ডিফু আদালতৰ বিপৰীতে গোচৰটোৰ শুনানী চলি আছে নগাঁও আদালতত ।

Intro:প্ৰসংগ ডকমকাৰ নৃশংস নীল, অভি হত্যাকাণ্ড। তিনিগৰাকী সাক্ষীৰ ভাষ্য সলনি। আদালতত ভাষ্য সলনি কৰিবলৈ সাক্ষীক ভীতি প্ৰদৰ্শনৰ অভিযোগ নিলোৎপল, অভিজিতৰ পিতৃৰ। দুগৰাকী কণিষ্ঠ অধিবক্তাৰ বিৰুদ্ধেও এজাহাৰ দুই দুৰ্ভগীয়া পিতৃৰ। সাক্ষীৰ ভাষ্য সলনিক লৈ চিন্তিত দুয়োটা পৰিয়াল।

Body:দেশ কঁপাই যোৱা ডকমকাৰ নৃশংস হত্যাকাণ্ড।
অসমবাসীৰ আৱেগ জড়িত এই নাৰকীয় কাণ্ডৰ সাক্ষীক কোনে বাধ্য কৰাইছে আদালতত মিছা মাতিবলৈ।
সাক্ষীৰ ভাষ্য সলনিক লৈ চিন্তিত নীল, অভি ৰ দুৰ্ভগীয়া পিতৃ।
কব খুজিছোঁ গাৰ নোম শিয়ঁৰি উঠা সেই ডকমকা কাণ্ডৰ কথা। একাংশ পাষণ্ডৰ বৰ্বৰতাৰ বলি হৈ পৃথিৱীৰ পৰাই বিদায় লৈছিল সেউজীয়া কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা গুৱহাটীৰ দুই চফল ডেকা নিলোৎপল দাস আৰু অভিজিৎ নাথ। কোনো এজন অসমীয়াই আজিও পাহৰিব নোৱাৰা সেই নাৰকীয় কাণ্ডৰ এটা বছৰ অতিক্ৰম কৰাৰ পিছতো ন্যায় পোৱা নাই দুৰ্ভগীয়া পৰিয়াল দুটাই। এতিয়া দুশ্চিন্তাত ভুগিছে দুয়োটা পৰিয়ালৰ লগতে অসমবাসী। কাৰণ এই নৃশংস ঘটনাৰ চাক্ষুষ সাক্ষ্য প্ৰদান কৰা কেবাগৰাকী সাক্ষীৰ তিনিগৰাকী সাক্ষীয়ে ইতিমধ্যেই আদালতত সলনি কৰিছে ভাষ্য। কেৱল এয়াই নহয় আদালতত ভাষ্য সলনি কৰিবলৈ সাক্ষীক ভীতি প্ৰদৰ্শনৰ অভিযোগ উত্থাপন কৰিছে নিলোৎপল আৰু অভিজিতৰ পিতৃয়ে। এই অভিযোগত দুগৰাকী কণিষ্ঠ অধিবক্তাসহ মুঠ চাৰিজন লোকৰ বিৰুদ্ধে ডিফু আদালতত ইতিমধ্যে গোচৰ তৰিছে নিলোৎপল, অভিজিতৰ পৰিয়ালে। শনিবাৰে এই গোচৰৰ শুনানী আছিল যদিও নগাওঁ আদালতে অহা ৯ চেপ্টেম্বৰত পৰৱৰ্তী শুনানীৰ দিন ধার্য কৰিছে। সাক্ষীৰ ভাষ্য সলনি কৰা বিষয়টোক লৈ এতিয়া চিন্তিত দুয়োটা পৰিয়াল।
bite-

Conclusion:উল্লেখযোগ্য যে সাক্ষীৰ নিৰাপত্তাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ত নিলোৎপল অভিজিতৰ পৰিয়ালে লোকে জনোৱা আবেদনৰ ভিত্তিত ডিফু আদালতৰ বিপৰীতে গোচৰটোৰ শুনানী চলি আছে নগাওঁ আদালতত। ইমানৰ পিছতো একাংশই সাক্ষীক ভাষ্য সলনি কৰিবলৈ ভীতি প্ৰদৰ্শন কৰা কাৰ্য্যই উত্থাপন কৰিছে বহু প্ৰশ্নৰ। সঁচাকৈয়ে ন্যায় পাব নে দুৰ্ভগীয় পৰিয়ালটোৱে। নে সাক্ষীক মিছা মাতিবলৈ বাধ্য কৰি ন্যায়ৰ পৰা বঞ্চিত কৰিব পৰিয়ালটোৰ লগতে অসমবাসীক।
----------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
১৭-৮-১৯
Last Updated : Aug 17, 2019, 6:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.