ETV Bharat / state

নীল-অভি হত্যাকাণ্ড গোচৰত হেঙাৰ হৈ পৰা কোন এই তৃতীয় শক্তি ? - নগাঁও আদালতত

অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া । বিচাৰ প্ৰক্ৰিয়াৰ অগ্ৰগতিত হেঙাৰ হৈ পৰিছে তৃতীয় পক্ষ। অসন্তুষ্টি, দুখ আৰু ক্ষোভ ব্যক্ত অভি-নীলৰ পিতৃৰ । বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ আহ্বান অভি-নীল স্মৃতি ৰক্ষা সমিতিৰ ।

nil abhi case at nagaon court
নীল-অভি হত্যাকাণ্ড গোচৰত হেঙাৰ হৈ পৰা কোন এই তৃতীয় শক্তি ?
author img

By

Published : Nov 6, 2020, 8:30 PM IST

নগাঁও,6 নৱেম্বৰঃ ৰাজ্য তথা দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ধূসৰ হৈ পৰিছে তৃতীয় পক্ষৰ বাবে । ঘটনাৰ চাক্ষুস সাক্ষীয়ে বাৰে বাৰে সলনি কৰি আছে ভাষ্য। গতিকে সমস্যাৰ সৃষ্টি হৈছে বিচাৰ সমগ্ৰ প্ৰক্ৰিয়াটোত। তথাপিও ন্যায়পালিকাৰ ওপৰত আস্থা হেৰুওৱা নাই অভি-নীলৰ পৰিয়ালে ।

নীল-অভি হত্যাকাণ্ড গোচৰত হেঙাৰ হৈ পৰা কোন এই তৃতীয় শক্তি ?

শুকুৰবাৰে নগাঁও আদালতত এই ঘটনাৰ চাক্ষুস সাক্ষীৰ শুনানিৰ দিন আছিল । এই শুনানিৰ পিছত হতাশ হৈ পৰা অভি-নীলৰ পৰিয়াল আৰু স্মৃতি ৰক্ষা সমিতিয়ে এই ঘটনাৰ আঁৰত তৃতীয় শক্তি জড়িত হৈ থকাৰ কথা দৃঢ়তাৰে প্ৰকাশ কৰে । যাৰ বাবে উক্ত ঘটনাৰ চাক্ষুস সাক্ষীয়ে বাৰে বাৰে ভাষ্য সলনি কৰি আছে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ।

উল্লেখ্য যে, ২০১৮ বৰ্ষৰ ৮ জুনত কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে সোপাধৰাৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা কৰিছিল অভিজিৎ নাথ আৰু নীলোৎপল দাস নামৰ গুৱাহাটীৰ দুই যুৱকক। শুকুৰবাৰে নগাঁৱত সংবাদ মাধ্যমৰ আগত অসন্তুষ্টি ব্যক্ত কৰি অভি-নীলৰ পিতৃ অজিত নাথ আৰু গোপাল চন্দ্ৰ দাসৰ লগতে স্মৃতি ৰক্ষা সমিতিয়ে গোচৰৰ প্ৰকৃত ন্যায় পোৱাৰ ক্ষেত্ৰত সকলোকে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱাৰ লগতে বিচাৰৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ ন্যায়পালিকক আহ্বান জনায় ।

লগতে পঢ়কঃ পাকিস্তান জিন্দাবাদ ধ্বনিঃ বিধায়ক আজিজ আহমেদ খানৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.