নগাঁও,৮ জুন: অৱশেষত মৃত্যুৰে হাৰ মানিলে নিহাৰিকা দাসৰ শহুৰেক থুনেশ্বৰ দাসে । বিগত কেইবাদিনো ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউ(ICU)ত ভৰ্তি হৈ আছিল ক'ভিডত আক্ৰান্ত থুনেশ্বৰ দাসক । সোমবাৰে নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । ক'ভিডত আক্ৰান্ত হোৱাৰ পিছত তেওঁক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।
কিন্তু তেওঁৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱা বাবে উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল । আনহাতে, ক'ভিডত আক্ৰান্ত শহুৰেকৰ পৰিচৰ্যা কৰি বোৱাৰী নিহাৰিকা দাসে দেখুৱাইছিল পিতৃ স্নেহৰ অনন্য নিদৰ্শন । কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছত শহুৰেকক পিঠিত তুলি ক'ভিড কেয়াৰ কেন্দ্ৰলৈ যাবলগীয়া গাড়ীত তুলি দিছিল নিহাৰিকাই । লগতে নিজেও ক'ভিড কেয়াৰ কেন্দ্ৰলৈ গৈছিল ।
সেই সময়ত নিহাৰিকা কৰ'ণাত আক্ৰান্ত হোৱা নাছিল যদিও পিছত তেওঁৰ দেহতো কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । ইফালে, থুনেশ্বৰ দাসক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়াৰ সময়তো নিহাৰিকাই শহুৰেকৰ পৰিচৰ্যাৰ বাবে লগতে যাবলৈ অনুমতি দিবলৈ চৰকাৰক আহ্বান জনাইছিল । কিন্তু চিকিৎসকে দিনে-নিশাই চিকিৎসা কৰাৰ পিছতো শহুৰেক থুনেশ্বৰ দাসৰ স্বাস্থ্যৰ অৱস্থা উন্নত হোৱা নাছিল ।
অৱশেষত সোমবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । এতিয়া শহুৰেকৰ মৃত্যুৰ পিছত শোকত ভাগি পৰিছে বোৱাৰী নিহাৰিকা দাস ।
লগতে পঢ়ক: চিৰাঙত দ্বাদশ শ্ৰেণীৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ