কলিয়াবৰ,২০ ফেব্ৰুৱাৰী: কলিয়াবাৰত মানৱতাহীন লোকৰ নিষ্ঠুৰ কাণ্ড । ৰে'লৱে ক্ৰছিঙত পেলাই থৈ গ'ল এটি মৃত নৱজাতক । শনিবাৰে সোণাৰী গাঁৱৰ সমীপৰ ৰে'লৱে ক্ৰছিঙত উদ্ধাৰ হয় নৱজাতকৰ মৃতদেহ ।
শিলঘাট–শেনচোৱা ৰে’ল পথৰ লেভেল ক্ৰছিঙৰ মাজত পৰি থকা মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক:আলফাৰ নতুন বিবৃতি পিচতে বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া