ETV Bharat / state

চামগুৰিত বিধায়ক ৰকিবুল হুচেইনৰ "লোকেল এমএলএ ইনিচিয়েটিভ"

author img

By

Published : Apr 30, 2020, 9:04 PM IST

বৃহস্পতিবাৰে বিধায়ক ৰকিবুল হুচেইনে চামগুৰিত "লোকেল এমএলএ ইনিচিয়েটিভ" নামেৰে এক নতুন আঁচনি হাতত লয় ।

new scheme taken by mla rakibul hussain in samaguri

নগাঁও, 30 এপ্ৰিলঃ চামগুৰিত বিধায়ক ৰকিবুল হুচেইনে "লোকেল এমএলএ ইনিচিয়েটিভ" নামেৰে এক নতুন আঁচনি হাতত লয় । বিধায়ক জনৰ এই বিশেষ আঁচনিৰ জৰিয়তে পৰ্যায়ক্ৰমে চামগুৰি সমষ্টিৰ ২৩ টা পঞ্চায়তৰে ৬০ৰ উৰ্ধৰ লোকসকলক অভিজ্ঞ নাৰ্চ তথা বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা থাৰ্মেল স্কেনিং কৰাৰ লগতে, ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিৰ বাবে ভিটামিন টেবলেট আৰু চিৰাপ প্ৰদানৰ ব্যৱস্থা কৰিছে । প্ৰথম দিনটোতে বৃদ্ধ লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও তেওঁলোক সুস্থ সবল হৈ থাকিবৰ বাবে বিধায়ক গৰাকীয়ে ভৰাগুৰিত অৰ্ধশতাধিক বৃদ্ধ লোকৰ মাজত কল আৰু গাখীৰৰ পেকেট বিতৰণ কৰে ।

চামগুৰিত নতুন আঁচনি গ্ৰহণ বিধায়ক ৰকিবুল হুচেইনৰ

আঁচনিটোৰ জৰিয়তে বৃদ্ধ সকলৰ স্বাস্থ্য সম্বন্ধে আহৰণ কৰা তথ্যসমূহ চৰকাৰক প্ৰয়োজন সাপেক্ষে সহায় কৰাৰ উদ্দেশ্যে জমা কৰিব স্থানীয় স্বাস্থ্য কেন্দ্ৰ সমূহত । আনহাতে স্থবিৰ বিধায়ক পুঁজি আৰু পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰসংগত বিধায়ক ৰকিবুল হুছেইনে চৰকাৰ খনৰ আৰ্থিক নাটনি হোৱা বুলি উল্লেখ কৰাৰ লগতে, চৰকাৰে ৰাইজক ব্যয় সংকোচন হ'বলৈ আহ্বান জনাই, নিজেই প্ৰতিটো ক্ষেত্ৰতে চাৰ্টাৰ প্লেন ব্যৱহাৰ কৰা বুলিও কটাক্ষ কৰে বিধায়ক গৰাকীয়ে ।

লগতে পঢ়কঃ দেশত ভয়াৱহ হাৰত বাল্য বিবাহ ! লকডাউনৰ সময়ৰ পৰিসংখ্যা আছিল ৮৯৮

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.