ETV Bharat / state

কৃষক মুক্তি-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নতুন কেন্দ্ৰীয় সমিতি গঠন; দায়িত্বত কোন কোন ?

author img

By

Published : Dec 19, 2021, 6:05 PM IST

নগাঁৱত গঠন হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন কেন্দ্ৰীয় সমিতি । নগাঁৱত অনুষ্ঠিত প্ৰতিনিধি সভাত গঠন হয় নতুন সমিতি(New Central committee of KMSS)। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নতুন সমিতিও গঠন হয় নগাঁৱতে (New central committee of SMSS) । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাতা অখিল গগৈৰ অনুপস্থিতিত গঠন হ'ল কেন্দ্ৰীয় সমিতি । চাৰিটাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ ।

new-central-committee-formation-of-smss-and-kmss
কোনে ললে KMSS, SMSS ৰ নতুন সমিতিৰ দায়িত্ব

নগাঁও, 19 ডিচেম্বৰ : নগাঁৱৰ কৃষ্ণাইঘাটত দুদিনীয়াকৈ অনুষ্ঠিত কৃষক মুক্তি সংগ্ৰাম সমিতি(Krishak Mukti Sangram Samiti) আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি(Satra mukti Sangram Samiti)ৰ কেন্দ্ৰীয় প্ৰতিনিধি সভাত সংগঠন দুটাৰ নতুন কেন্দ্ৰীয় সমিতি গঠন কৰা হয় । দেওবাৰে কৃষ্ণাইঘাটত অনুষ্ঠিত হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰতিনিধি আৰু বিষয় বাচনি সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয়(New Central committee of KMSS)। ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াৰ উপস্থিতিত গঠন হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন সমিতি ।

ৰাইজৰ দলৰ সভাপতি তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্রতিষ্ঠাপক অখিল গগৈ, ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াসহ ১৪ জন উপদেষ্টা, ৰাজু বৰা আৰু দেৱেন শৰ্মাক সভাপতি, মুকুট ডেকা, ৰাজু বৰপাত্ৰ গোহাঁই, ৰাতুল হুছেইনক কাৰ্যকৰী সভাপতি, বিদ্যুৎ শইকীয়া আৰু বিতু সোণোৱালক সাধাৰণ সম্পাদক, মনিশংকৰ গয়াৰী, মহীধৰ ৰায়, দেৱজিত বৰুৱাক সহকাৰী সাধাৰণ সম্পাদক, আকাশ দলেক সাংগঠনিক সম্পাদক, মুন দাস সহ ৮ জনক উপদেষ্টা হিচাপে লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয়।

উল্লেখযোগ্য যে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰতিনিধি আৰু বিষয় বাচনি সভাত বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন(Anti dam protest in Assam), কা' আন্দোলন(Anti CAA movement in Assam)কে ধৰি চাৰিটাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ইপিনে, শনিবাৰে নিশা অনুষ্ঠিত হোৱা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধি সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰো নতুন কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয় (New central committee of SMSS) । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পূৰ্বৰ সভাপতি মানস কোঁৱৰক সভাপতি আৰু প্ৰাঞ্জল কলিতা আৰু ৰাহুল ছেত্ৰীক নতুনকৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয় ।

লগতে পঢ়ক : গো সুৰক্ষা বিধেয়কৰ সংশোধনী আনিব চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.