নগাঁও, 5এপ্ৰিল: নগাঁৱৰ বাবে সু-খবৰ ৷ সোমবাৰে মুকলি হ'ল অত্যাধুনিক ১০৮ এম্বুলেঞ্চ সেৱা ৷ ১০৮ ত থাকিব এডভান্স লাইফ চাপ'ৰ্ট চিষ্টেম । ক’ভিড ১৯ ৰ ভৰপক সময়ত সন্মুখৰ পৰাই ক’ভিড যুদ্ধত অৱতীৰ্ণ হৈছিল ১০৮ এম্বুলেঞ্চ সেৱাৰ কৰ্মচাৰীয়ে ৷ সম্প্ৰতি পুনৰ ক’ভিড ১৯ এ ভয়াৱহ ৰূপ লোৱাৰ আশংকা কৰিছে একাংশই । এনে সময়তেই নগাঁৱত মুকলি কৰা হৈছে অত্যাধুনিক ১০৮ এম্বুলেঞ্চ সেৱা ।
নগাঁও আৰু হোজাই জিলাৰ বাবে অত্যাধুনিক ব্যৱস্থা থকা পাঁচখনকৈ অতিৰিক্ত ১০৮ এম্বুলেঞ্চ মুকলি কৰা হয় সোমবাৰে । এডভান্স লাইফ চাপ'ৰ্ট ৰ ব্যৱস্থা থকা পাঁচখনকৈ ১০৮ মৃত্যুঞ্জয় সেৱা মুকলি কৰে নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰে । নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মুকলি কৰা হয় এম্বুলেঞ্চ কেইখন ।
নগাঁও আৰু হোজাই জিলাত আছে ৫৬ খনকৈ ১০৮ এম্বুলেন্স । সোমবাৰৰ পৰা সংযোজন কৰা হৈছে অতিৰিক্ত পাঁচখনকৈ এম্বুলেঞ্চ । নতুনকৈ সংযোজন কৰা এম্বুলেঞ্চত থাকিব পূৰ্বৰ এম্বুলেঞ্চত নথকা বহু সুবিধা । ক’ভিড ১৯ৰ দ্বিতীয় ৱেভ অহাৰ পূৰ্বেই পাঁচখনকৈ অত্যাধুনিক ১০৮ মৃত্যুঞ্জয় সেৱা মুকলি কৰাত ৰোগীয়ে যথেষ্ট সকাহ লাভ কৰিব বুলি আশাবাদী নগাঁও স্বাস্থ্য বিভাগ ।
লগতে পঢ়ক: ক'ভিডত আক্ৰান্ত বলিউড তাৰকা ভূমি পেডনেকাৰ