নগাঁও, 1 মে' : সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পাচতেই নিঃকিন বৃদ্ধ দম্পতীৰ কাষলৈ সহায়ৰ বাবে আহিল একাংশ লোক ৷ চামগুৰি সমষ্টিৰ অন্তৰ্গত উদমাৰী গোঁহাই গাঁৱত খাদ্যৰ অভাৱত পানী মেটেকা খাই জীৱন নিৰ্বাহ কৰিছিল এক বৃদ্ধ দম্পতীয়ে । লক্ ডাউনৰ বাবে তেওঁলোকৰ পুত্ৰ আৱদ্ধ হৈ আছে ডিমাপুৰত ৷ বৃদ্ধ দম্পতীৰ ঘৰত পৰ্যাপ্ত খাদ্য সামগ্ৰী নথকাত ক্ষুধা নিবাৰণৰ কোনো উপায় নোহোৱা হৈছিল ৷ চৰকাৰী সাহাৰ্য লাভ কৰিছিল যদিও সেইয়াও শেষ হোৱাত তেওঁলোক উপায়হীন হৈ পৰে ৷ অৱশেষত পেটৰ জ্বালাত থাকিব নোৱাৰি পানীমেটেকা সিজাই খাবলৈ বাধ্য হৈছিল বৃদ্ধ স্বামী-স্ত্ৰী ৷
বৃহস্পতিবাৰে সংবাদ মাধ্যমে এই ঘটনা পোহৰলৈ অনাৰ পাচতে, সৰ্বত্ৰে বিষয়টো চৰ্চিত হয় ৷ শুক্ৰবাৰে পুৱাই ভৈৰৱ স্বৰ্গীয়াৰী আৰু ৰূপাটী স্বৰ্গীয়াৰীৰ বাসগৃহত উপস্থিত হয় বনাঞ্চলিক বিষয়া আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মী ৷ আনহাতে, ৰাজহচক্ৰ বিষয়াৰ নিৰ্দেশত এগৰাকী লাট মণ্ডলেও সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰে ৷
বনাঞ্চলিক বিষয়াiৰাকীয়ে দৰিদ্ৰ দম্পতীটোক অৰ্থ সাহায্য প্ৰদান কৰাৰ বিপৰীতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতি আৰু চলচলি শাখা সমিতিৰ সদস্যসকলে তেওঁলোকক খাদ্য সামগ্ৰী যোগান ধৰে ৷ আনহাতে, লাট মণ্ডলগৰাকীয়ে অসহায় পৰিয়ালটোক চিকিৎসাৰ ব্যৱস্থাও কৰি দিয়ে ৷ আৱশ্যে বৰ্তমানেও পৰিয়ালটোৰ খবৰ ল'বলৈ আহৰি পোৱা নাই সমষ্টিটোৰ বিধায়ক ৰকিবুল হুছেইনে ৷
লগতে পঢ়ক : পানী মেটেকাৰে ক্ষুধা নিবাৰণ বৃ্দ্ধ দম্পতীৰ !