নগাঁও, 16 মে': প্ৰচণ্ড গৰমত বৈদ্যুতিক পাংখাৰ চাহিদা খুবেই বৃদ্ধি পায় । পিছে গ্ৰাহকৰ এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি অধিক মুনাফা লাভৰ আশাত বৰ্তমান ব্যৱসায়ীসকলে নকল চিলিং ফেন অথবা বৈদ্যুতিক পাংখা বিক্ৰী কৰাৰ কথা পোহৰলৈ আহিছে । নগাঁও চহৰৰ হয়বৰগাঁৱৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত আৰক্ষীয়ে অভিযান চলাই বহু নকল বৈদ্যুতিক সামগ্ৰী উদ্ধাৰ কৰে (Duplicate fan recovered in Nagaon) ।
উল্লেখ্য যে, টুফান ফেন কোম্পানীৰ এগৰাকী বিষয়াই নকল ফেন বিক্ৰী কৰাৰ অভিযোগত নগাঁৱৰ হয়বৰগাঁও আৰক্ষী থানাত বিজুলী ঘৰ, মাণিক আৰু দুৰ্গা টেডার্ছৰ বিৰুদ্ধে দাখিল কৰে এখন এজাহাৰ । এই এজাহাৰৰ ভিত্তিতেই হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই নগাঁও চহৰৰ হয়বৰগাঁও বজাৰৰ বিজুলী ঘৰ, মাণিক ট্ৰেডাৰ্ছ আৰু দুৰ্গা ট্ৰেডাৰ্ছৰ পৰা উদ্ধাৰ কৰে টুফান কোম্পানীৰ নকল চিলিং ফেন (Nagaon police recovered duplicate fan from electronic shop) । সম্প্ৰতি আৰক্ষীয়ে তিনিওখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ।
নগাঁও জিলা প্ৰশাসনৰ চকুত ধুলি দি কিদৰে এই ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহে নকল সামগ্ৰী বিক্ৰী কৰি আহিছে সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত । আনহাতে, নকল সামগ্ৰী বিক্ৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে অনাগত দিনত নগাঁও জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া হ'ব লক্ষণীয় ।
লগতে পঢ়ক : হোৰাহোৰে বাঢ়িছে প্ৰাকৃতিক গেছৰ দাম: অন্ধকাৰলৈ ৰাজ্যৰ চাহ উদ্যোগ