ETV Bharat / state

নগাঁৱত আৰক্ষীৰ অভিযানত উৎখাত চুৰি সামগ্ৰী তথা ড্ৰাগছ জমা ৰখা ঘাটি - nagaon police

নগাঁৱত চুৰি সামগ্ৰী আৰু ড্ৰাগছ জমা ৰখা ঘাটি উৎখাত । কোনো অপৰাধীক ৰেহাই নিদিয়াৰ হুংকাৰ নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ৷

nagaon police raid
অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে সষ্টম অসম আৰক্ষী
author img

By

Published : Oct 17, 2021, 10:01 PM IST

চামগুৰি, 17 অক্টোবৰ : অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে সদায়ে সষ্টম অসম আৰক্ষী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ নগাঁৱৰ পৰাও উৎখাত কৰিবলৈ সক্ষম হৈছে বহু অপৰাধৰ ঘাটি ৷ ইয়াৰ মাজতে দেওবাৰে বিয়লিৰ ভাগত নগাঁও আৰক্ষীয়ে চহৰ খনৰ সমীপৰ কাতিমাৰী ওপৰ দলনী পথাৰত চলাই এক অভিযান ৷ এই অভিযানত নগাঁও আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হয় ড্ৰাগছ আৰু চুৰি সামগ্ৰী জমা ৰখা এটা বৃহৎ ঘাটি ৷

nagaon police raid
অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে সষ্টম অসম আৰক্ষী

নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে বৃহৎ সংখ্যক চুৰি সামগ্ৰী আৰু নিচাযুক্ত ঔষধ জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ঘাটিটোৰ পৰা দুই টেম্পু ভৰ্তি চুৰি চাইকেল, পাঁচখন মটৰ চাইকেলৰ লগতে বহু কাঁহৰ বাচন-বৰ্তন আদি উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আনকি আৰক্ষীয়ে এই সন্দৰ্ভত দুজন লোকক আটক কৰিবলৈয়ো সক্ষম হয় ।

জানিব পৰা মতে, আৰক্ষীয়ে এই ঘটনা সংক্ৰান্তত আব্দুল গফুৰ আৰু আজুফা খাতুন নামৰ এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় । অৱশ্যে এই চুৰি কাৰ্যৰ মাষ্টাৰ মাইণ্ড ৰফিকুল ইছলাম নামৰ যুৱকজন পলায়ন কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, ৰফিকুল ইছলামৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । আনহাতে, আৰক্ষীয়ে ঘাটিটোত নিচাযুক্ত দ্ৰব্য সেৱন কৰিবলৈ যোৱা হুজগাঁৱৰ মহেন্দ্ৰ দাস নামৰ এজন লোককো আটক কৰিছে ।

নগাঁৱত উৎখাত চুৰি সামগ্ৰী আৰু ড্ৰাগছ জমা ৰখা ঘাটি

লগতে পঢ়ক : বিশ্বনাথত আটক আফগানিস্তানৰ নাগৰিক

এই সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সংবাদ মাধ্যমৰ আগত কয় যে, নগাঁও আৰক্ষীয়ে সকলো ধৰণৰ অপৰাধজনিত কাম কাজৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । এই ক্ষেত্ৰত নগাঁও আৰক্ষী যথেষ্ট সফল হৈছে । চুৰি ডকাইতিকে ধৰি বিভিন্ন অপৰাধ জনিত ঘটনাৰ লগত জড়িত অথবা ড্ৰাগছ ব্যৱসায়ৰ লগতো জড়িত কোনো লোককে ৰেহাই দিয়া নহ’ব ।

এনেবোৰ কাম কাজৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান অব্যাহত থাকিব । লগতে আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীয়ে দক্ষতাৰে কাম কৰি অপৰাধ জনিত ঘটনা ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে । নগাঁও আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্য সেৱন কৰা বহু যুৱক-যুৱতীক স্বাভাবিক অৱস্থালৈ ঘূৰাই আনিবলৈ সক্ষম হৈছে ।

আনহাতে, পলাতক ৰফিকুল ইছলাম এজন দুধৰ্ষ অপৰাধী । মটৰচাইকেল, চাইকেল, কাঁহৰ বাচন-বৰ্তনকে ধৰি বিভিন্ন সামগ্ৰী চুৰি কাৰ্যত ৰফিকুল ইছলাম জড়িত । শীঘ্ৰে ৰফিকুল ইছলামক কৰায়ত্ব কৰিবলৈ নগাঁও আৰক্ষী সক্ষম হ’ব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে মন্তব্য কৰে ।

লগতে পঢ়ক : Cattle syndicate : প্ৰতিদিনে বেপাৰীয়ে পাৰ কৰিছে শ শ গৰু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.