নগাঁও 31 মাৰ্চ: কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবেই ল’ক ডাউন সমগ্ৰ দেশ। এই ল’ক ডাউনৰ সময়ছোৱাতে খাকী পোছাকধাৰীৰ ভিন্ন ৰূপ আপুনি দেখিছে। ক'ৰবাত যদি কঠোৰ ক'ৰবাত দেখিছে আৰক্ষীৰ মহানুভৱতা। এক ভয়াৱহ দুৰ্যোগৰ সময়তো আপোনাৰ মোৰ সুৰক্ষাৰ বাবেই দিনে নিশাই ব্যস্ত খাকী পোছাকধাৰী আৰক্ষী সকল। নগাঁৱৰ এগৰাকী আৰক্ষী বিষয়াৰ কথা। লক ডাউন ঘোষণা কৰাৰ পৰাই নগাঁও চহৰৰ বিভিন্ন স্থানত টহল দি ফুৰা নগাঁও আৰক্ষীৰ যান বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া হান্নান লস্কৰ। প্ৰথম দিনাৰ পৰাই ল’ক ডাউন মানি চলিবলৈ বহুতকে বুজাইছিল। নুবুজাসকলক লাঠিৰ কোব দিবলৈও বাধ্য হৈছিল। কিন্তু এইবাৰ এইজন আৰক্ষী বিষয়া হান্নান লস্কৰৰ অন্য এক ৰূপ। ল’ক ডাউনৰ ফলত খাবলৈ নোপোৱা ভিক্ষাৰীৰ কাষত থিয় দিলে আৰক্ষী বিষয়া হান্নান লস্কৰে। পাৰ্যমানে প্ৰদান কৰিলে আৰ্থিক সাহায্য । আনহাতে নিজৰ দৰমহাৰ পৰা ৫০ হাজাৰ টকাও দান কৰে অসম চৰকাৰৰ কোষলৈ। সোমবাৰে নগাঁও জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰে ৫০ হাজাৰ টকাৰ এখন চেক।
লগতে পঢক :মন্ত্ৰী পৰিষদৰ বৈঠকত দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ