ETV Bharat / state

নগাঁও আদালতত অধিবক্তাৰ ৰূপত প্ৰৱঞ্চক - Pabitra Hazarika demanded 50 thousand

নগাঁও আদালতৰ অধিবক্তাৰ কাষ চাপোতে সাৱধান হওক । অন্যাথা প্ৰৱঞ্চনাৰ বলি হ'ব পাৰে আপুনিও । নিজকে অধিবক্তা বুলি পৰিচয় দি আচামীৰ জামিনৰ নামত ধন সংগ্ৰহ প্ৰৱঞ্চকৰ । ভুৱা অধিবক্তাক লৈ উত্তপ্ত নগাঁও আদালত চৌহদ ।

Nagaon police detained fake advocate
নগাঁও আৰক্ষীৰ জালত ভুৱা অধিবক্তা
author img

By

Published : Nov 2, 2021, 4:16 PM IST

নগাঁও, ২ নৱেম্বৰ : ন্যায়িক যুঁজত সহায় কৰাৰ নামত ৰামঠগন । অধিবক্তাৰ বেশত নগাঁও আদালত চৌহদত প্ৰৱঞ্চকৰ টিঘিল ঘিলনী । অৱশেষত আচামীৰ জামিনৰ ব্যৱস্থা কৰাৰ বাবদ ধন দাবী কৰি নগাঁও আৰক্ষীৰ জালত পৰিল এটা প্ৰৱঞ্চক । দৰাচলতে, পৱিত্ৰ হাজৰিকা নামৰ এজন ভুৱা অধিবক্তাক লৈ সোমবাৰে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

POCSO আইনৰ অধীনত ৰুজু হোৱা এটা গোচৰত অভিযুক্ত এজন আচামীক জামিন লাভৰ ব্যৱস্থা কৰি দিয়াৰ বাবদ ৫০ হাজাৰ টকা দাবী কৰিছিল ভুৱা অধিবক্তা পৱিত্ৰ হাজৰিকাই । প্ৰকৃততে আচামীজনৰ অধিবক্তা আছিল দিব্য প্ৰসাদ বৰা নামৰ এজন অধিবক্তাহে । আচামীজনৰ গোচৰটো অধিবক্তা বৰাই চলাই থকাৰ মাজতে ভুৱা অধিবক্তা পৱিত্ৰ হাজৰিকাই জামিন কৰাই দিয়াৰ নামত যোৱা ৩০ অক্টোবৰৰ পৰা ৫০ হাজাৰ টকা দাবী কৰি আছিল ।

এই কথা জানিব পাৰি অধিবক্তা দিব্য প্ৰসাদ বৰাই সোমবাৰে পৱিত্ৰ হাজৰিকাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি আদালত চৌহদৰ পৰাই বিভিন্ন আপত্তিজনক নথি-পত্ৰসহ পৱিত্ৰ হাজৰিকাক গ্ৰেপ্তাৰ কৰে । পৱিত্ৰ হাজৰিকাৰ ঘৰ কামপুৰত ।

উল্লেখ্য যে, পৱিত্ৰ হাজৰিকাই দীৰ্ঘদিন ধৰি বিভিন্ন লোকৰ পৰা গোচৰ-মোকৰ্দমা চলোৱাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে । আনকি, পৱিত্ৰ হাজৰিকাক অধিবক্তাৰ সাজত প্ৰায়ে নগাঁও আদালত চৌহদত দেখিবলৈ পোৱা যায় বুলি জানিবলৈ দিয়ে একাংশ অধিবক্তাই । অধিবক্তাৰ সহযোগত গ্ৰেপ্তাৰ কৰা ভুৱা অধিবক্তা পৱিত্ৰ হাজাৰিকাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক : এবছৰত ৰাজ্যত আত্মহননৰ ঘটনা 36.8 শতাংশলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.