বঢ়মপুৰ, 6 ডিচেম্বৰ : নগাঁৱৰ কচুৱাৰ লংকাগাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা ৷ পত্নী আৰু দুই পুত্ৰই মিলি এজন লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ নিহত লোকজনৰ নাম সুনীল দাস ৷ দুদিন পূৰ্বেই হত্যা কৰি খেৰৰ মেজিত মৃতদেহটো লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছে ।
উল্লেখ্য যে, পৰিকল্পিত হত্যাকাণ্ডৰ ঘটনাটো পাৰিবাৰিক কন্দলৰ বাবেই হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে যদিও আৰক্ষীৰ সঠিক তদন্তহে সুনীল দাসৰ হত্যাৰ তথ্য পোহৰলে আহিব । ইপিনে কচুৱা আৰক্ষীৰ জালত পৰিছে হত্যাকাৰী দুই পুত্ৰ দেৱ দাস, লক্ষী দাস আৰু পত্নী গুণেমাই দাস ৷ ইতিমধ্যে আৰক্ষীয়ে তিনি হত্যাকাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে।
লগতে পঢ়ক: খৰালিৰ খহনীয়াত বিধ্বস্ত পকণীয়াবাসী