ETV Bharat / state

পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত নগাঁও মহাবিদ্যালয়

author img

By

Published : Nov 18, 2019, 8:00 PM IST

নগাঁও মহাবিদ্যালয় চৌহদৰ কাষেদি যিয়েই গৈছে সকলোৱে এপলক ৰৈ ৰৈ চাই গৈছে পৰিভ্ৰমী পক্ষীৰ জলকেলী ৷ মহাবিদ্যালয়খনৰ পুখুৰীত প্ৰত্যেক বছৰৰ দৰে এই বছৰো শীতৰ লগে লগে আগমণ ঘটিছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ ।

ৰাজ্যত শীতৰ লগে লগে আগমণ ঘটিছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ

নগাঁও,18 নৱেম্বৰঃ জাক জাক পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত নগাঁও মহাবিদ্যালয়ৰ চৌহদ ৷ শীতৰ আগমণৰ লগে লগে বিভিন্ন স্থানৰ পৰা আহিছে জাক জাক পৰিভ্ৰমী পক্ষী ৷ ৰঙ বিৰঙী পক্ষীৰ নান্দনিক দৃশ্যই সকলোকে মোহিত কৰিছে ৷ নগাঁও মহাবিদ্যালয় চৌহদৰ কাষেদি যিয়েই গৈছে সকলোৱে এপলক ৰৈ ৰৈ চাই গৈছে পৰিভ্ৰমী পক্ষীৰ জলকেলী ৷ মহাবিদ্যালয়খনৰ পুখুৰীত প্ৰত্যেক বছৰৰ দৰে এই বছৰো শীতৰ লগে লগে আগমণ ঘটিছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ । কিন্তু পৰিভ্ৰমী পক্ষীসমূহৰ বাবে দেখা দিছে আন এক বিপদে ৷ উচ্চ প্ৰাবল্যৰ শব্দই পক্ষীৰ জাকক অসুবিধাত পেলাইছে, যাৰবাবে মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰী তথা,শিক্ষকসকলে পক্ষীকূল ৰক্ষাৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ ৷ মহাবিদ্যালয়খনলৈ এইবাৰো আহিছে কেবাবিধো পৰিভ্ৰমী পক্ষীৰ জাক ৷ মহাবিদ্যালয়ৰ সমীপৰ পথেৰে যোৱা যান বাহন চালক সকললৈ আহ্বান । মহাবিদ্যালয়ৰ সমীপত গাড়ীৰ হৰ্ণ নবজাবলৈ ৷

পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত নগাঁও মহাবিদ্যালয়

ৰাইজক সজাগ কৰিবৰ বাবে মহাবিদ্যালয় পৰিয়ালে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ পৰিভ্ৰমী পক্ষীসমূহৰ সুৰক্ষাক লৈ চিন্তিত মহাবিদ্যালয় কর্তৃপক্ষ। মহাবিদ্যালয়ৰ সমীপত ফটকা আতচবাজি অথবা যান বাহনৰ হৰ্ণ নবজাবলৈ আহ্বান মহাবিদ্যালয় পৰিয়ালৰ ৷ নগাঁও মহাবিদ্যালয়ৰ এছ পি পি ছাত্ৰী নিবাসৰ পিছফালৰ পুখুৰীত শৰালী হাঁহ,শামুক ভঙা,ডাউক আদি বিভিন্ন প্ৰজাতিৰ চৰাইৰ জলকেলীৰ দৃশ্যই মুহিছে সকলোকে ৷

Intro:পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত নগাওঁ মহাবিদ্যালয়ৰ বাকৰি। মহাবিদ্যালয়খনৰ পুখুৰীত প্ৰত্যেক বছৰৰ দৰে এই বছৰো শীতৰ লগে লগে আগমণ ঘটিছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ। পৰিভ্ৰমী চৰাইৰ সুৰক্ষাৰ বাবে এতিয়া তৎপৰ মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে বন বিভাগো। নান্দনিক দৃশ্যই আকৰ্ষিত কৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰীক। মহাবিদ্যালয়ৰ সমপীৰ পথেৰে যোৱা যান বাহন চালকলৈ আহ্বান। মহাবিদ্যালয়ৰ সমীপত নবজাব গাড়ীৰ হৰ্ন।

Body:নগাওঁ মহাবিদ্যালয়ৰ সমপীৰে যোৱা যান বাহন চালকসকল সাৱধান হওক। মহাবিদ্যালয়ৰ সমীপত নবজাব হৰ্ণ। কাৰণ জানিবলৈ প্ৰথমে চাওক এইসমূহ দৃশ্য। এক মনোমোহা দৃশ্য এতিয়া বিৰাজমান নগাওঁ মহাবিদ্যালয় চৌহদত। শীতৰ আগমণৰ লগে লগে ৰাজ্যৰ বিল জলাশয়সমূহত আগমণ ঘটে দেশী বিদেশী আলহী চৰাইৰ। প্ৰত্যেক বছৰৰ দৰে এইবছৰো নগাওঁ মহাবিদ্যালয়ৰ পুখুৰীত আগমণ ঘটিছে বিভিন্ন প্ৰজাতিৰ আলহী চৰাইৰ। পৰিভ্ৰমী চৰাইৰ প্রিয় বহু উদ্ভিদ ৰূপনেৰে নগাওঁ মহাবিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগে পক্ষীকূল ৰক্ষাৰ বাবে লৈ আহিছে পদক্ষেপ। এইবেলিও নগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকী, জীৱ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ললিত গগৈ ,ডঃ ভুৱন চুতীয়াৰ উদ্যগত আয়োজন কৰে পৰিভ্ৰমী চৰাইৰ পৰ্যবেক্ষণ শীৰ্ষক এক অনুষ্ঠানৰ। অনুষ্ঠানত অংশগ্ৰহণ কৰে মহাবিদ্যালয়খনৰ ছাত্ৰীৰ লগতে নগাওঁ বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰী। এইসমূহ পৰিভ্ৰমী চৰাইৰ সুৰক্ষাক লৈ এতিয়া চিন্তিত মহাবিদ্যালয় কর্তৃপক্ষ। মহাবিদ্যালয়ৰ সমীপত কোনেও যাতে ফটকা আতচবাজী অথবা যান বাহনৰ হৰ্ণ নবলজাবলৈ আহ্বান অধ্যক্ষ ডঃ শৰৎ বৰকটকীৰ।
bite, অধ্যক্ষ।

Conclusion:নগাওঁ মহাবিদ্যালয়ৰ এছ পি পি ছাত্ৰী আবাসৰ পিছফালৰ পুখুৰীত শৰালী হাঁহ, শামুক ভঙা, ডাউক আদি বিভিন্ন প্ৰজাতিৰ চৰাইৰ এই মনোমোহা দৃশ্যই মুহিছে ছাত্ৰী আবাসৰ ছাত্ৰীৰ লগতে মহাবিদ্যালয় কৰ্তৃপক্ষকো।
bite,
----------------- ------------------------/-------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
১৮/১১/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.