বঢ়মপুৰ, 12 আগষ্ট: নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত লংজাপ পঞ্চায়তত ইটোৰ পাচত সিটো ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এইবাৰ ৱাৰ্ডৰ সদস্যই নিজ ঘৰতে চৰকাৰী আঁচনি নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
অভিযোগ অনুসৰি,পঞ্চায়তটোৰ চতুৰ্থ বিত্তীয় আয়োগৰ ধনৰে নিৰ্মাণ কৰা দোকান গৃহটো ১০নং ৱাৰ্ডৰ সদস্যা চুমি বৰদলৈয়ে নিজ বাসগৃহৰ সন্মুখতে নিৰ্মাণ কৰিছে ৷ নিবনুৱা যুৱকসকলে দোকান খুলি স্বাৱলম্বী হ’বলৈ চৰকাৰে এই আঁচনিসমূহ প্ৰদান কৰিছে যদিও একাংশ জনপ্ৰতিনিধিয়ে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে অনিয়ম সংঘটিত কৰি আছে ৷
উল্লেখ্য যে,চৰকাৰী আঁচনিসমূহ চৰকাৰী ভূমিত নিৰ্মাণ কৰিব লাগে বা কোনো ব্যক্তিৰ ভূমিত নিৰ্মাণ কৰিবলৈ হ'লে পঞ্চায়তক মাটি লিখি দিব লাগে ৷ কিন্তু লংজাপ পঞ্চায়তৰ সভানেত্ৰী আৰু সচিবে সকলো চৰকাৰী নীতি-নিয়মক অমান্য কৰি ৱাৰ্ডৰ সদস্যৰ ঘৰতে দোকান গৃহ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
ইয়াৰোপৰি,ৱাৰ্ড সদস্য গৰাকীৰ ঘৰত নিৰ্মাণ কৰি থকা এই চৰকাৰী দোকান গৃহটোৰ বিষয়ে সুধিবলৈ যাওঁতে সদস্যা চুমি বৰদলৈয়ে স্থানীয় ৰাইজক ধমকি দিয়ে আৰু ব্যক্তিগতভাৱে নিৰ্মাণ কৰি থকা বুলি জানিবলৈ দিয়ে ৷