ETV Bharat / state

কাজিৰঙাৰ পৰা ওলাই অহা ঢেকিয়াপতীয়া বাঘ ট্ৰেংকুলাইজ - কাজিৰঙাৰ পৰা উলাই অহা ঢেকিয়াপতীয়া বাঘ ট্ৰেংকুলাইজ

বুধবাৰে বন বিভাগৰ দলটো উপস্থিত হোৱাৰ সময়ত বাঘটো এঘৰ মানুহৰ ঘৰত আবদ্ধ হৈ আছিল ৷ দীর্ঘসময়ৰ চেষ্টাৰ অন্তত অৱশেষত ট্ৰেংকুলাইজ কৰি বাঘটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

কাজিৰঙাৰ পৰা ওলাই অহা ঢেকিয়াপতীয়া বাঘ ট্ৰেংকুলাইজ

author img

By

Published : Jul 15, 2020, 4:39 PM IST

Updated : Jul 15, 2020, 7:01 PM IST

নগাঁও, 15 জুলাইঃ কৰ'ণা আৰু বানে বিভীষিকাৰ সৃষ্টি কৰা কাজিৰঙাৰ বন্যপ্ৰাণীৰ এতিয়া বিলাই বিপত্তি নোহোৱা হৈছে। বানৰ কৱলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আশ্রয়ৰ সন্ধানত ওলাই অহা এটা ঢেকিয়াপতীয়া বাঘ আৱদ্ধ হৈ পৰে বাগৰিৰ বান্দৰডুবিৰ এজন লোকৰ বাসগৃহত ৷ এই ঘটনাৰ পিচতে অঞ্চলটোত আতংকৰ সৃষ্টি হয় ৷ ঘটনা সম্পৰ্কত স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ ঢেকিয়াপতীয়া বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় ৷

ঢেকিয়াপতীয়া বাঘ ট্ৰেংকুলাইজ
কাজিৰঙাৰ পৰা ওলাই অহা ঢেকিয়াপতীয়া বাঘ ট্ৰেংকুলাইজ

বুধবাৰে পুৱা বাঘটো পুনৰ ৰৱীন শইকীয়া নামৰ লোকজনৰ পাকঘৰ আৱিস্কাৰ হোৱাৰ পিছত বাঘটো আঁতৰাই পঠিওৱাৰ চেষ্টা কৰা হৈছিল যদিও বাঘটো আঁতৰি যোৱা নাছিল ৷ দীর্ঘসময়ৰ চেষ্টাৰ অন্তত অৱশেষত ট্ৰেংকুলাইজ কৰি বাঘটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ট্ৰেঙ্কুলাইজাৰ কৰা বাঘজনীৰ বয়স দুবছৰ বুলি চিকিৎসকৰ পৰা জানিব পৰা গৈছে ৷ ইপিনে মাইকী বাঘটোক বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰত ৰখা হ'ব বুলি জানিবলৈ দিয়ে বনবিভাগৰ দলটোৱে ৷

উল্লেখ্য যে, মঙলবাৰে বানৰ পৰা আশ্ৰয় বিচাৰি তিনিটা বাঘ আহিছিল জনাঞ্চলৰ মাজলৈ । তাৰে এটা বাঘো আন দুটাৰ পৰা সংগ এৰি ৰাষ্ট্ৰীয় উদ‍্যানৰ কাষৰীয়া কুঠৰীৰ প্ৰৱীন বৰাৰ গোঁহালিত আশ্ৰয় লৈছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ আৰু বন বিভাগে বাঘটো সেই স্থানৰ পৰা সুৰক্ষিত স্থানলৈ পঠিওৱাৰ যত্ন কৰিছিল যদিও, প্ৰৱীন বৰাৰ ঘৰৰ সমুখৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিৰ জোপোহাত আশ্ৰয় লৈ আছিল । বন বিভাগ, ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষৰ যৌথ প্ৰচেষ্টাৰ পিচতো বাঘটো আঁতৰি যোৱা নাছিল । ফলত মঙ্গলবাৰৰ নিশা প্ৰৱীন বৰাৰ পৰিয়ালক সেই স্থানৰ পৰা স্থানীয় প্ৰশাসনে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰে। বাঘজনী উদ্ধাৰ কৰাতহে স্বস্তি নিশ্বাস লয় অঞ্চলটোৰ ৰাইজে ৷

লগতে চাওকঃ বানাক্ৰান্তৰ মাজত আছুৰ সাহাৰ্য বিতৰণ

Last Updated : Jul 15, 2020, 7:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.