ETV Bharat / state

চিৰা-মুড়ি খাই পদপথত জীৱন নিৰ্বাহ কৰা এহাল বৃদ্ধ দম্পতি

ক'ভিড ১৯ ৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে মুকলি আকাশৰ তলৰ পদপথত চিৰা-মুড়ি খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে নগাঁৱৰ এহাল বৃদ্ধ দম্পতিয়ে। বিশেষভাৱে সক্ষম স্বামীক হুইল চেয়াৰত বহুৱাই ৰাইজৰ পৰা বিচাৰিছে সহায় ভিক্ষা ৷

চিৰা-মুৰী খাই পদপথত জীৱন নিৰ্বাহ কৰা এহাল বৃদ্ধ দম্পতি

author img

By

Published : May 22, 2021, 7:20 PM IST

Updated : May 22, 2021, 8:03 PM IST

নগাঁও, 22মে': কৰ'ণাৰ ভয়াৱহ পৰিস্থিতিৰ বাবে প্ৰয়োজনীয় কামতো ঘৰৰ পৰা ওলাবলৈ ভয় আৰু আতংকৰ সৃষ্টি হৈছে এতিয়া একাংশৰ মাজত । কিন্তু ক'ভিড ১৯ ৰ এনে ভয়াৱহ পৰিস্থিতিৰ মাজতো মুকলি আকাশৰ তলৰ পদপথত চিৰা-মুড়ি খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে নগাঁৱৰ এহাল বৃদ্ধ দম্পতিয়ে। বিশেষভাৱে সক্ষম স্বামীক হুইল চেয়াৰত বহুৱাই ৰাইজৰ পৰা বিচাৰিছে সহায় ভিক্ষা ৷

স্বামীক পুৱাই এখন হুইল চেয়াৰত বহুৱাই পত্নী ওলাই যায় লোকৰ ঘৰৰ দুৱাৰে দুৱাৰে । ক’ভিড ১৯ ৰ ভয়াৱহ সময়ত মুখত মাস্ক পৰিধান কৰি এমুঠি অন্ন যোগাৰৰ সন্ধানত ওলাই যায় এই দম্পতি ।

চিৰা-মুৰী খাই পদপথত জীৱন নিৰ্বাহ কৰা এহাল বৃদ্ধ দম্পতি

দুপৰীয়া ১২ বজাৰ পৰাই ৰাজ্যত জাৰি হৈ আছে সান্ধ্য আইন । চৰকাৰে জাৰি কৰা সান্ধ্য আইনৰ প্ৰতি লক্ষ্য ৰাখি ১২ বজাৰ পূৰ্বেই আহি উপস্থিত হয় নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত পঞ্জীয়কৰ কাৰ্যালয়ৰ সমীপৰ এক নিৰ্দিষ্ট স্থানত । কৰ'ণা মহামাৰীয়ে সৃষ্টি কৰা আতংকৰ মাজতেই এতিয়া মুকলি আকাশৰ তলৰ পদপথত দিন অতিবাহিত কৰিবলগীয়া হৈছে এই দম্পতিয়ে ।

ক’ভিড ১৯ সৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ১১ বজাৰ পিছতেই বন্ধ কৰি দিয়া হয় সকলো দোকান পোহাৰ । যাৰ বাবে পৰ্যপ্ত খাদ্য সামগ্ৰীৰো ব্যৱস্থা কৰিব নোৱাৰা হৈছে এই দম্পতিয়ে ।

উপায়ন্তৰ এই বৃদ্ধ দম্পতিয়ে এতিয়া চিৰা-মুড়ি খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে । নিজ স্বামীক হুইল চেয়াৰত লৈ লোকৰ ঘৰে-ঘৰে ঘূৰি ফুৰিও যেন সুখী এইগৰাকী পত্নী ।

এতিয়া এই অসহায় এই দম্পতিক লাগে আপোনাৰ অলপ সহায় ৷ আপোনাৰ সামান্য সহায়ে হয়তো কিছু হলেও সকাহ দিব এই বৃদ্ধ দম্পতিক ।

অন্য এক খবৰৰ বাবে: ৰিতুল শইকীয়াৰ বাস গৃহত আনন্দৰ বন্যা

Last Updated : May 22, 2021, 8:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.