ETV Bharat / state

Nagaon News Paper Hawker: পিতৃ বিয়োগৰ মাজতো জীৱন নিৰ্বাহৰ বাবে পুত্ৰই বিলাই গ’ল পেপাৰ - ই টি ভি ভাৰত

পিতৃ বিয়োগৰ তিনিদিন পিচৰ পৰাই অন্নৰ অভাৱত বগা সাজ পৰিধান কৰিয়েই বাতৰি কাকত বিলাই ফুৰা নগাঁৱৰ হৰি দাসক সহায়ৰ হাত । ই টি ভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতেই হৰি দাসক সহায় কৰিবলৈ আগবাঢ়ি আহিল অসম সাংবাদিক কল্যাণ ন্যাস ।

hari das from nagason distributes newspaper even in his fathers deathon
নগাঁৱৰ হৰি দাসৰ কাহিনী
author img

By

Published : Jul 5, 2023, 5:39 PM IST

নগাঁৱৰ হৰি দাসৰ কাহিনী

নগাঁও, 5 জুলাই : এটা দিন পূৰ্বে ই টি ভি ভাৰতত সম্প্ৰচাৰ হৈছিল এটা বিশেষ বাতৰি । নগাঁৱৰ হৰি দাস নামৰ এজন যুৱকে পিতৃ বিয়োগৰ বেদনা বুকুত লৈয়েই পুৱাৰ ভাগত নগাঁৱৰ ৰাজপথত বগা সাজ পৰিধান কৰি আৰু খালি ভৰিৰে চাইকেলৰ কেৰিয়াৰত খবৰ কাগজ কঢ়িয়াই মানুহৰ ঘৰে ঘৰে বিলাই আছিল ৷ এই পেপাৰ বিলাই থকাৰ বাতৰি প্ৰচাৰ হৈছিল ই টি ভি ভাৰতত । জীয়াই থকাৰ হেঁপাহ আৰু পেটৰ তাড়নাত হৰি দাসে পিতৃৰ বিয়োগৰ তিনি দিনৰ পাচৰে পৰা খালি ভৰি আৰু বগা সাজেৰে পেটত ভোক লৈ বিলাই গৈছিল খবৰ কাগজ ।

ই টি ভি ভাৰতত এই বাতৰি প্ৰচাৰ হোৱাৰ পিচতেই বুধবাৰে হৰি দাসৰ পিতৃ প্ৰহ্লাদ দাসৰ বিয়োগৰ ১০ দিনৰ দিনা সাংবাদিক সকলৰ কল্যাণৰ অৰ্থে গঠন হোৱা অসম সাংবাদিক কল্যাণ ন্যাসৰ উদ্যোগত আৰু দৈনন্দিন বাৰ্তা গোষ্ঠীৰ মাতৃ সংগঠন আলোকপ্ৰভঞ্জন ৱেল ফেয়াৰ চ’চাইটিৰ সহযোগত নগাঁৱৰ এটি প্ৰতিনিধি দলে বুধবাৰে নগাঁৱৰ পলি পথৰ আনন্দ নগৰ নিৱাসী হৰিৰ বাসগৃহত উপস্থিত হয় । হৰি দাসৰ বাসগৃহত উপস্থিত হৈ সাংবাদিক কল্যাণ ন্যাসৰ প্ৰতিনিধি দলটোৱে হৰি দাসলৈ আগবঢ়াই কিছু আৰ্থিক সাহায্য ।

সমাজকৰ্মী দেবেন শ‌ইকীয়া, সাংবাদিক ভাস্কৰ জ্যোতি শ‌ইকীয়া, জয়ন্ত বৰা আৰু গোপাল ৰয়ে দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত হৈ এই আৰ্থিক সাহাৰ্য আগবঢ়াই । পিতৃৰ আদ্যশ্ৰাদ্ধত সহায় হোৱাকৈ বুধবাৰে হৰি দাসক প্ৰদান কৰা হয় আৰ্থিক সাহায্য । বিগত ১৭ বছৰৰ পৰা উৰুখা পঁজাত জীৱন নিৰ্বাহ কৰি আহিছে হৰি দাস, হৰি দাসৰ জ্যেষ্ঠ ভাতৃ আৰু মাতৃয়ে । চৰকাৰৰ কোনো আঁচনিয়ে আজিলৈকে ঢুকি পোৱা নাই হৰি দাসৰ দুৰ্ভগীয়া পৰিয়ালটোক ।

তীব্ৰ আৰ্থিক সংকটৰ মাজত কিছু আৰ্থিক সাহায্য লাভ কৰাত কিছু হলেও সকাহ লাভ কৰে হৰি দাসৰ লগতে দৰিদ্ৰ পৰিয়ালটোৱে । লগতে হৰি দাসৰ পৰিয়ালটোৱে সাংবাদিক কল্যাণ ন্যাসৰ আৰু দৈনন্দিন বাৰ্তা গোষ্ঠীৰ মাতৃ সংগঠন আলোকপ্ৰভঞ্জন ৱেল ফেয়াৰ চচাইটিক ধন্যবাদ জনোৱাৰ লগতে দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক শংকৰ গোহাঁইকো ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক : Sad story of a youth: পিতৃক হেৰুৱাই বগা সাজ পিন্ধি বাতৰি কাকত বিলাইছে হৰিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.