ETV Bharat / state

Forest department being religious: হস্তী পূজাত বিশ্বাসী নগাঁৱৰ বনবিভাগ

author img

By

Published : Jan 1, 2022, 9:05 PM IST

হাতী খেদাত ব্যৰ্থ বন বিভাগ ৷ জনাঞ্চলৰ পৰা হাতী খেদাৰ বিপৰীতে নগাঁৱৰ কন্দলীত গজৰাজলৈ আগবঢ়ালে হস্তীভোগ (forest department believes in elephant worship) আগবঢ়ালে নগাঁৱৰ বনকৰ্মীসকলে ৷

Hasti puja in nagaon
হস্তী পূজাত বিশ্বাসী নগাঁৱৰ বনবিভাগ

নগাঁও, 31 ডিচেম্বৰ : পুনৰ চৰ্চাত হস্তী মানুহৰ সংঘাত (Man elephant conflict) । বিগত কেইবা দশক ধৰি অসমত হাতী আৰু মানুহৰ মাজত সংঘাত চলি আহিছে । বন ধ্বংস অথবা বৰ্দ্ধিত জন সংখ্যাৰ বাবে হাতী তথা আন বনৰীয়া জীৱ জন্তু খাদ্যৰ সন্ধানত জনাঞ্চললৈ ঢাপলি মেলে ৷ ফলত মানুহৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি ধ্বংস হোৱাৰ লগতে অনিষ্ট হয় কৃষকৰ খেতিডৰাৰ । বন বিভাগে সময়ে সময়ে বিভিন্ন আঁচনি গ্ৰহণ কৰে যদিও শেষ হোৱা নাই হস্তী মানৱৰ সংঘাত ।

কিন্তু এইবাৰ হস্তী মানুহৰ সংঘাত চৰ্চালৈ আহিছে আন এক কাৰণতহে । হস্তী মানুহৰ সংঘাত ৰোধ কৰিবলৈ ব্যৰ্থ হোৱা নগাঁৱৰ বন বিভাগক শেহতীয়াকৈ দেখা গৈছে সংঘাত ৰোধ কৰিবলৈ পূজা অৰ্চনা আগবঢ়োৱা । হাতী খেদাত ব্যৰ্থ বন বিভাগে নগাঁৱৰ কন্দলীত গজৰাজলৈ আগবঢ়ালে হস্তীভোগ (Nagaon forest department believes in elephant worship) ৷

হস্তী পূজাত বিশ্বাসী নগাঁৱৰ বনবিভাগ

হস্তী মানুহৰ সংঘাতৰ ফলত মানুহৰ মৃত্যু হোৱাৰ লগতে বহু হস্তীৰো মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে ।

নগাঁৱৰ বিভিন্ন স্থানত বিভিন্ন কাৰণত 2021 বৰ্ষত মৃত্যু হৈছে মুঠ 24 টা বন্য হস্তীৰ ৷ ইয়াৰে ভিতৰত প্ৰকৃতিক দুৰ্যোগৰ ফলত নগাঁৱত মৃত্যু ঘটিছে 18 টা হন্য হস্তীৰ ৷ বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু মুখত পৰিছে এটা হাতীৰ লগতে ৰে’লৰ খোন্দাৰ ফলতো নগাঁৱত মৃত্যু মুখত পৰিছে এটা বন্য হস্তীৰ ৷ আনকি আমাৰ হাতত পৰা তথ্য অনুসৰি, স্বাভাৱিক মৃত্যু হৈছে মাত্ৰ এটা বন্য হস্তীৰ ৷

ইয়াৰ বিপৰীতে ডব্লিউডব্লিউএফ (World Wildlife Fund for Nature) আৰু বন বিভাগে (Department of Forest) যুগুতোৱা এক প্ৰতিবেদন অনুসৰি অসমত যোৱা 10 বছৰত বনৰীয়া হাতীৰ আক্ৰমণত 890 জন লোকে প্ৰাণ হেৰুৱাইছে ৷ ইয়াৰ ভিতৰত শোণিতপুৰ জিলাত এই সময়চোৱাত সৰ্বাধিক মৃত্যুৰ সংখ্যা হৈছে 124 জন, ওদালগুৰি জিলাত 118 জন আৰু গোৱালপাৰা জিলাত 78 জন লোকৰ মৃত্যু ।

নগাঁৱৰ বিভিন্ন অঞ্চলত বৃদ্ধি পোৱা হস্তী-মানৱ সংঘাতৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ ওচৰত পূজা-অৰ্চনাৰে সেৱা জনাই নগাঁও কঠীয়াতলি আঞ্চলিক বন কাৰ্যালয়ৰ বনকৰ্মী সকলে । উল্লেখ যে, নগাঁও কন্দলী বনাঞ্চল আৰু কাৰ্বি পাহাৰৰ পৰা নামি অহা এজাক বন্যহস্তীৰ উপদ্ৰৱত জীৱন-সম্পত্তি নিৰাপত্তা নাইকিয়া হৈছে সাধাৰণ ৰাইজৰ । প্ৰতিদিনে বন্যহস্তীৰ উপদ্ৰৱত তীব্ৰ শংকাত থাকিব লগীয়া হৈছে গঞা ৰাইজে ।

বন্যহস্তীৰ জাকক ভৈয়ামৰ পৰা পাহাৰৰলৈ খেদিবলৈ বন বিভাগে আপ্ৰাণ চেষ্টা কৰিছে যদিও কোনো সু-ফল লাভ নকৰি উপায়ন্তৰ হৈ হস্তী পূজাৰ দ্বাৰা ইয়াৰ পৰিত্ৰাণ বিচাৰে বন কৰ্মী সকলে । সেয়েহে হস্তী দণ্ডীত ধূপ-ধূনা নৈবদ্যৰে পূজা অৰ্চনা কৰে কঠীয়াতলি আঞ্চলিক বন কাৰ্যালয়ৰ বনকৰ্মী সকলে (Hasti puja in nagaon) ।

লগতে পঢ়ক : হাতী-মানুহৰ সংঘাত ৰোধিবলৈ WWF আৰু Forest Depertmentৰ বিশেষ ব্যৱস্থা গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.