নগাঁও,4 চেপ্তেম্বৰঃ নগাঁৱত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি ৷ পেট্ৰ’ল ঢালি স্বামীয়ে জ্বলাই দিলে পত্নী, কন্যা আৰু পুত্ৰক ৷ উল্লেখ্য যে, নগাঁৱৰ 2 নং মোল্লাপট্টিত ভাড়াতীয়া হিচাপে থকা ৰফিকুল ইছলাম আৰু তেঁওৰ পত্নী মীনাৰা বেগমৰ মাজত বিগত কেইবাদিনো ধৰি চলি আছিল পাৰিবাৰিক কন্দল ৷ এই কন্দলে চূড়ান্ত ৰূপ লোৱাত বৃহস্পতিবাৰে ৰফিকুল ইছলামে পেট্ৰ’ল ঢালি জ্বলাই দিয়ে নিজ পত্নী, কন্যা আৰু পুত্ৰক ৷ লগে লগেই হুৱাদুৱা লাগে ঘৰখনত ৷
ঘটনা সন্দৰ্ভত ওচৰ চুবুৰীয়া অবগত হোৱাৰ পিছতে অগ্নিদগ্ধ অৱস্থাত তিনিওকে উদ্ধাৰ কৰে যদিও কন্যা সন্তানটিৰ মৃত্যু হয় ৷ আনহাতে, চিকিৎসালয়ৈ গৈ থকা অৱস্থাতে মৃত্যু হয় পত্নী মীনাৰা বেগমৰ ৷ ইতিমধ্যে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰফিকুল ইছলামৰ পুত্ৰ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও সম্প্ৰতি পলাতক অৱস্থাত আছে অভিযুক্ত ৰফিকুল ইছলাম ৷