ETV Bharat / state

Nagaon district day : উলহ মালহেৰে উদযাপন হ’ল নগাঁও জিলা দিৱস

author img

By

Published : Mar 28, 2023, 8:28 PM IST

190 বছৰীয়া হ’ল নগাঁও জিলা (Nagaon district day)। ব্ৰিটিছৰ আমোলতে জিলাৰ স্বীকৃতি লাভ কৰা নগাঁও জিলাত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছে জিলা দিৱস । 1833 চনৰ 27 মাৰ্চত প্ৰতিষ্ঠিত নগাঁও জিলা দিৱসটি সোমবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় । মুকলি কৰা হয় জিলা দিৱসৰ থিম ছং, নগাঁৱক লৈ নিৰ্মিত তথ্য চিত্ৰ । নিশা সাংস্কৃতিক অনুষ্ঠানত প্ৰাণ ঢালি নাচিলে জিলা উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তই (Celebrating Nagaon district day) ।

Nagaon district day
নগাঁও জিলা দিৱস উদযাপন

নগাঁও জিলা দিৱস উদযাপন

নগাঁও, 28 মাৰ্চ : প্ৰশাসনিক কৰ্মব্যস্ততা এৰি এটা দিন আনন্দ উল্লাহত মতলীয়া হৈ পৰিল নগাঁও জিলা প্ৰশাসনৰ প্ৰায় প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীয়ে । উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তৰ পৰা সকলোৱে এটা বিশেষ দিন অতিবাহিত কৰিলে আনন্দ ফূৰ্তিৰ মাজেৰে । আনকি জনপ্ৰিয় বিহু শিল্পী কৃষ্ণমণি নাথৰ বিহু সুৰীয়া গীতত কঁকাল ভাঙি নাচিলে বহিঃৰাজ্যৰ আই এ এছ বিষয়া তথা নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । মঞ্চত জিলা উপায়ুক্ত নৰেন্দ্ৰ শ্বাহৰ লগত কঁকাল ভাঙি নাচিলে অতিৰিক্ত উপায়ুক্ত দেবাহুতি বৰা আৰু ডিম্পল বৰায়ো ।

আচলতে নগাঁৱৰ বাবেই এটা বিশেষ দিনত এইদৰে আনন্দ উল্লাহত ব্যস্ত থকা দেখা গ’ল জিলা উপয়ুক্তসহ প্ৰশাসনৰ অন্যান্য বিষয়া সকলকো । আজিৰ পৰা 190 বছৰ পূৰ্বৰ 27 মাৰ্চত অবিভক্ত মৰিগাঁও আৰু হোজাইক সামৰি এখন পূৰ্ণাংগ জিলা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল নগাঁও জিলাই (190 years old Nagaon district)। অৰ্থাৎ 1833 চনৰ 27 মাৰ্চত প্ৰতিষ্ঠা হৈছিল নগাঁও জিলা (Celebrating Nagaon district day)৷

লগতে পঢ়ক : Nagaon district day: নগাঁও জিলা দিৱস উপলক্ষে উখল মাখল নগাঁও চহৰ

এই নগাঁও জিলাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে 27 মাৰ্চ অৰ্থাৎ সোমবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় নগাঁও জিলা দিৱস । নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত জিলা দিৱসৰ পুৱাই উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা । নগাঁও জিলা দিৱস উপলক্ষে প্ৰস্তুত কৰা হয় এটি থিম ছং ।

একেদৰে নগাঁৱৰ ঐতিহ্যক লৈ প্ৰস্তুত কৰা হৈছে তথ্য চিত্ৰও । তথ্য চিত্ৰত সুন্দৰকৈ উপস্থাপন কৰা হৈছে নগাঁৱক ৷ সোমবাৰে পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে দিনজোৰা বিভিন্ন অনুষ্ঠান, প্ৰতিযোগিতামূলক কাৰ্যসূচীৰ উপৰিও নিশা সাংস্কৃতিক সন্ধিয়াৰে সামৰণি পৰে নগাঁও জিলা দিৱসৰ ৷

মুঠৰ ওপৰত এটা দিনৰ বাবে প্ৰশাসনিক সকলো ব্যস্ততা এৰি যেন নগাঁও জিলা দিৱসৰ আনন্দ উল্লাহত এইদৰে ব্যস্ত হৈ পৰিল সকলো (Concluded Nagaon district day program)।

লগতে পঢ়ক : Assam APSC scam updates: ৬ বছৰ ৪ মাহৰ অন্তত মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা ৰাকেশ পালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.