ETV Bharat / state

ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিল ধিং গেটৰ ব্যৱসায়িক এলেকা

author img

By

Published : Jul 17, 2020, 2:09 PM IST

নগাঁৱৰ ধিং গেটৰ ব্যৱসায়িক গুদামত অগ্নিকাণ্ড। ভস্মীভূত কেইবালক্ষাধিক টকাৰ সামগ্ৰী।

nagaon-dhing-gate-market-place-fire-incidant
ব্যৱসায়ীক গুদামত অগ্নিকাণ্ড

নগাঁও,17জুলাইঃ শুকুবাৰে পুৱতি নিশা নগাঁৱৰ ধিং গেটত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। ধিং গেটৰ এটা ব্যৱসায়িক গুদামত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । পুৱতি নিশা বৈদ্যুতিক বিজুতিৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত কেইবালক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয় বুলি জানিব পৰা গৈছে।

ব্যৱসায়ীক গুদামত অগ্নিকাণ্ড

জগত শইকীয়া নামৰ ব্যৱসায়ীগৰাকীৰ এ চি বৰ্ডৰ গুদামত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনা ৷ ঘটনাস্থলীত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ইপিনে পথৰ অসুবিধাৰ বাবে দুখন গাড়ী প্ৰৱেশ কৰিব নোৱাৰাত এখন গাড়ীৰ সহায়তেই জুই নিৰ্বাপন কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে। ফলত জুইত জাহ যোৱাৰ পৰা ৰক্ষা পৰে বৃহৎ ব্যৱসায়ীক এলেকাতো।
লগতে পঢ়কঃ বাক্সাত বানৰ সংহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.