ETV Bharat / state

নগাঁৱৰ মডেল অভিনেত্ৰীৰ বিৰুদ্ধে গোচৰ হাস্পতাল কতৃপক্ষৰ

author img

By

Published : Jul 7, 2020, 3:32 PM IST

Updated : Jul 7, 2020, 5:24 PM IST

বিগত ২৩ জুনত মডেল অভিনেত্ৰী ঈশিকা বৰা কোভিড ১৯ আক্ৰান্ত বুলি নিশ্চিত হৈছিল। লগে লগে মডেল অভিনেত্ৰীগৰাকীক ভৰ্তি কৰোৱা হৈছিল নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত । চিকিৎসালয়ৰ পৰাই কোভিড চিকিৎসালয়ৰ আভ্যন্তৰীণ দুৰৱস্থাক লৈ নিজৰ টুইটাৰ একাউণ্টত ক্ষোভ প্ৰকাশ কৰিছিল মডেল অভিনেত্ৰী ঈশিকা বৰাই।

Nagaon
নগাঁও

নগাঁও, 7 জুলাই : নগাঁৱত চৰ্চিত হৈ পৰিছে কোভিড 19 ত আক্ৰান্ত হৈ সুস্থ হোৱা এগৰাকী মডেল অভিনেত্ৰী ঈশিকা বৰা । চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে নিজৰ টুইটাৰ একাউণ্টত ক্ষোভ প্ৰকাশ কৰা মডেল অভিনেত্ৰীগৰাকী সুস্থ হৈ ঘৰলৈ উভতাৰ পিছত চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মডেল অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে। জানিব পৰা মতে, কোভিড হাস্পতালখনৰ পৰা সামগ্ৰী চুৰি কৰাৰ অভিযোগত চিকিৎসালয় কৰ্তৃপক্ষই ঈশিকা বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

লগতে পঢ়কঃ সুশান্তৰ অন্তিমখন ছবিৰ ট্ৰেইলাৰে ভাবুক​ কৰি তুলিলে অনুৰাগীক

তথ্য অনুসৰি, মুম্বাইত প্ৰতিষ্ঠিত মডেল অভিনেত্ৰী ঈশিকা বৰাৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড হাস্পতাল কৰ্তৃপক্ষই । বিগত ২৩ জুনত মডেল অভিনেত্ৰী ঈশিকা বৰা কোভিড ১৯ আক্ৰান্ত বুলি নিশ্চিত হৈছিল । লগে লগে মডেল অভিনেত্ৰীগৰাকীক ভৰ্তি কৰোৱা হৈছিল নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত । চিকিৎসালয়ৰ পৰাই কোভিড চিকিৎসালয়ৰ আভ্যন্তৰীণ দুৰৱস্থাক লৈ নিজৰ টুইটাৰ একাউণ্টত ক্ষোভ প্ৰকাশ কৰিছিল মডেল অভিনেত্ৰী ঈশিকা বৰাই ।

ঈশিকা বৰা

অৱশেষত চিকিৎসালয় কৰ্তৃকপক্ষই অতিৰিক্ত সুবিধা প্ৰদান কৰিলে মডেলগৰাকীক । প্ৰায় দুটা সপ্তাহ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে মডেল অভিনেত্ৰীগৰাকী। সোমবাৰে ফলাফল নেগেটিভ অহাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ঈশিকা বৰাক। ঘৰলৈ যোৱাৰ সময়ত চিকিৎসালয় কৰ্তৃপক্ষই ব্যৱহাৰ কৰিবলৈ দিয়া পানী গৰম কৰা ইলেট্ৰনিক কেটলি, মহ খেদা ইলেট্ৰনিক কইল আৰু আঠুৱা জমা নিদিয়াকৈ ঘৰলৈ যোৱাৰ অভিযোগ উত্থাপন হয় মডেল অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে।

মুকুট বৰা

হাস্পতাল কতৃপক্ষই সন্ধিয়া পৰ্যন্ত ঈশিকা বৰাক ম'বাইলত যোগাযোগৰ চেষ্টা কৰে যদিও কোনো ফলাফলা নোপোলাত মডেলগৰাকীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে চিকিৎসালয়খনৰ দায়িত্বত থকা চিকিৎসক মুকুট বৰাই। ঈশিকা বৰাৰ বিৰুদ্ধে উত্থাপন হোৱা এই অভিযোগে এতিয়া সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব প্ৰকৃত তথ্য ৷

Last Updated : Jul 7, 2020, 5:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.