নগাঁও,১০ এপ্ৰিল: দেশৰ লগতে ৰাজ্যত দিনে দিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ নগাঁৱতো দ্ৰুত গতিত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে । মহামাৰীৰ দ্বিতীয় ঢৌৱে নগাঁৱত সৃষ্টি কৰিছে আতংকৰ । জিলাখনত পুনৰ ১২ জনকৈ লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ৰ অৱস্থিতি ।
ইয়াৰে চাৰিজন নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড হস্পিতালত সম্প্ৰতি চিকিৎসাধীন হৈ আছে । আন আঠজনক হোম কোৱাৰেণ্টাইন কৰা হৈছে ৷ বৰ্তমানলৈকে নগাঁৱত ৫৭ জন লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে । প্ৰতিদিনেই এইদৰে কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে নগাঁৱবাসী ।
লগতে পঢ়ক: কলিয়াবৰত বয়ন শিল্পৰ উৎপাদন কেন্দ্ৰ স্থাপন