ETV Bharat / state

চ'ছিয়েল মিডিয়াত বহুল চৰ্চিত এজন শিল্পী

author img

By

Published : Oct 28, 2019, 12:11 PM IST

Updated : Oct 28, 2019, 4:08 PM IST

ভূপেন দা আমাৰ মাজৰ পৰা আতৰি যোৱা 8 বছৰ হ'ল, প্ৰতিজন অসমীয়াৰ কাণত বাজি থকা ভূপেন দাৰ গলগলীয়া কণ্ঠৰে গোৱা চিৰ সেউজ গীত সমূহ অসমীয়ৰ বাবে এক সম্পদ স্বৰূপ ৷ কিন্তু ভূপেন দাৰ অনুপস্থিতিত নগাঁৱৰ এজন শিল্পীৰ গীতে আপোনাক দিব পাৰে ভূপেন দাৰ গীতৰ আমেজ ৷ অবিকল কণ্ঠেৰে গীত গাব পাৰে তেওঁ ভূপেন দাৰ দৰেই...

ভূপেন হাজৰিকাৰ এজন অনুৰাগীৰ কথাৰে...

নগাঁও,28 অক্টোবৰঃ ফেচবুকত ভাইৰেল হোৱা এটা ভিডিঅ',ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এটা গীতে চ'ছিয়েল মিডিয়াত চিনাকি কৰাই দিছিল তেখেতক ৷ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ দৰে অবিকল কণ্ঠ তেওঁৰ ৷ ভূপেন দাৰ কণ্ঠত গীত গোৱা এই লোকজনক লৈ ফেচবুকত সৰৱ চৰ্চা ৷ সৰুৰে পৰাই সংগীতৰ চৰ্চা কৰি অহা,ভূপেন দাৰ একান্ত অনুৰাগী এইজন নগাঁৱৰ নয়নজ্যোতি শইকীয়া ৷ পুৰণিগুদাম আৰ কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নয়নজ্যোতি শইকীয়াই গাই গৈছে ইটোৰ পিচত সিটো ভূপেন দাৰ জনপ্ৰিয় গীত ৷ সাইলাখ ভূপেন দাৰ কণ্ঠ ৷ ভূপেন দাৰ প্ৰতিটো গীত কণ্ঠস্থ তেওঁৰ ৷ কি অসমীয়া,কি ইংৰাজী...

চ'ছিয়েল মিডিয়াত চৰ্চিত এগৰাকী শিল্পী
ভূপেন দা নাথাকিলেও যেন এইগৰাকী শিল্পীৰ কণ্ঠই সোঁৱৰাই দিছে ভূপেন দাৰ সেই চিৰসেউজ গীতবোৰৰ কথা ৷ চ'ছিয়েল মিডিয়াত বহুল জনপ্ৰিয়তা অৰ্জন কৰা নয়নজ্যোতি শইকীয়াক বিচাৰি উলিয়াইছিল আমাৰ সাংবাদিকে ৷ সৰুৰে পৰা সংগীত সাধনা কৰি অহা শইকীয়া বিভিন্ন সামাজিক কাজতো জড়িত থকাৰ লগতে শেহতীয়াকৈ গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ সুধাকণ্ঠৰ গীত মাতকে ধৰি জ্যোতি সংগীত,ৰাভা সংগীত, পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতকে ধৰি পুৰণি অসময়ী গীত মাত সমূহৰ প্ৰচাৰ, প্ৰসাৰ আৰু শুদ্ধ ৰূপত সংৰক্ষিত কৰি ৰাখিবলৈ নিজা ববীয়া প্ৰচেষ্টাৰে গ্ৰহণ কৰিছে এক পদক্ষেপ ৷
NAGAON POPULAR ARTIST LIKE BHUPEN HAZARIKA A SPECIAL STORY
ভূপেন দাৰ অবিকল কণ্ঠৰ অধিকাৰী শিল্পী নয়নজ্যেতি শইকীয়া
আনহাতে ইটিভি ভাৰতে দেশজুৰি গ্ৰহণ কৰা প্লাষ্টিক মুক্ত পৰিৱেশৰ প্ৰতি সহাৰি জনাই সজাগতা সৃষ্টি কৰাৰ শিল্পীগৰাকীয়ে অব্যাহত ৰাখিছে এই অভিযান ৷ তেখেতে প্লাষ্টিক মুক্ত পৰিৱেশ গঢ়াৰ বাবে নগাঁৱৰ একাংশ দোকানে দোকানে গৈ প্ৰচাৰ চলাই আছে ৷ উল্লেখ্য যে, তেখেতৰ এই পদক্ষেপক আন্তৰিক অভিনন্দন জনাইছে সকলোৱে ৷

লগতে চাওকঃ ৰাষ্ট্ৰীয় পৰ্যায়ত অসম সন্তানৰ সাফল্য

Intro:সুবহু ভূপেন দা ৰ কণ্ঠ। শুনিলে আপুনিও ক'ব আমাৰ মাজলৈ পুনৰ আহিছে ভূপেন দা। আজি আমি আপোনাক পৰিচয় কৰাই দিম সুবহু ভূপেন দা ৰ কণ্ঠত গীত গোৱা লোকজনক। ভূপেন দা ক লগ পাই অনুপ্ৰাণিত হৈছিল লোকজন। শেহতীয়াকৈ ই টি ভাৰতৰ আহ্বানত প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে ওলাই আহিছে এইগৰাকী শিল্পী। দোকানে দোকানে গৈ সকলোকে জনাইছে প্লাষ্টিক বর্জনৰ আহ্বান। এই সন্দৰ্ভত ই টি ভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন।

Body:পেছাত এগৰাকী শিক্ষক। কিন্তু নিচা সংগীত। শিক্ষক এইজন। নাম নয়নজ্যোতি শইকীয়া। নগাঁৱৰ পুৰণিগুদাম আৰ কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক নয়নজ্যোতি শইকীয়া। গীত শুনিলে আপুনিও ক'ব পুনৰ আহিছে নেকি ভূপেন দা। যদি বিশ্বাস হোৱা নাই তেন্তে শুনক শিক্ষক তথা সংগীত শিল্পী নয়নজ্যোতি শইকীয়াৰ কণ্ঠত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কেইটিমান কালজয়ী গীত।
song,
vo, হাতত হাৰমুনিয়াম মূৰত ভূপেন দাই পৰিধান কৰাৰ দৰেই এটা টুপী। শিক্ষতা বৃত্তিত জড়িত নয়নজ্যোতি শইকীয়াই ঘৰত অধিকাংশ সময়েই ব্যস্ত থাকে সংগীত চৰ্চাত। ভূপেন দা ৰ অনুৰাগী নয়নজ্যোতি শইকীয়াই অসমীয়া সংগীত জীয়াই ৰাখিবলৈ গ্ৰহণ কৰিছে নতুন পদক্ষেপ। আৰম্ভ কৰিছে জিলিকাব লুইতৰে পাৰ নামৰ এক ব্যক্তিগত অনুষ্ঠান।
bite,

Conclusion:ইপিনে সমগ্ৰ দেশজুৰি প্লাষ্টিক বর্জনৰ বাবে ই টি ভি ভাৰতে জনোৱা আহ্বানক সঁহাৰি জনাই ওলাই আহিছে এইগৰাকী সংগীত শিল্পী নয়নজ্যোতি শইকীয়া। প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে দোকানে দোকানে উপস্থিত হয় সংগীত শিল্পী গৰাকী। নগাওঁ চহৰৰ বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানত উপস্থিত হৈ সকলোকে আহ্বান জনাইছে প্লাষ্টিক বর্জনৰ বাবে। প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ই টি ভি ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈছে শিল্পীগৰাকীৰ লগতে সচেতন লোকে।
bite,
----------------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
২৬-১০-১৯
Last Updated : Oct 28, 2019, 4:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.