নগাঁও, ৫ ডিচেম্বৰ: দলীয় ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ আঞ্চলিক দল অসম গণ পৰিষদৰ নগাঁও সদৰ বিধান পৰিষদৰ প্ৰথমখন কাৰ্যকৰী সভা শনিবাৰে অনুষ্ঠিত হয় । নগাঁও সদৰ বিধান পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সভাত সদৰ পৰিষদৰ নেতৃবৰ্গৰ লগতে জ্যেষ্ঠ অগপ নেতা তথা প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱাই অংশগ্ৰহণ কৰে । মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাকে ধৰি ৪টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰে দলৰ নেতৃত্বই ।
অগপ দলৰে মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু তেওঁৰ দায়িত্বত থকা যোগান বিভাগক বজাৰ নিয়ন্ত্ৰণৰ দাবী জনায় প্ৰস্তাৱ গ্ৰহণ কৰে । বিজেপিৰে মিত্ৰতা কৰিলেও নগাঁও সদৰ সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনায় জ্যেষ্ঠ অগপ নেতা গিৰিন্দ্ৰ কুমাৰ বৰুৱাই । লগতে জ্যেষ্ঠ অগপ নেতাজনে দিল্লীত চলি থকা কৃষক বিদ্রোহৰ প্ৰতিও ব্যক্তিগতভাৱে সমৰ্থন জনায় ।
লগতে পঢ়ক:চিৰাঙত ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ আছুৰ