ETV Bharat / state

আজিও কদৰ্যময় পৰিবেশ নগাঁও চহৰ

author img

By

Published : Oct 2, 2019, 12:40 PM IST

নগাঁও চহৰৰ মাজ মজিয়াত দিনে নিশাই পৰি ৰোৱা জাবৰৰ দ'মে সৃষ্টি কৰিছে অসহ্যকৰ পৰিবেশৰ ৷ দৈনিক চাফা কৰাৰ পৰিবৰ্তে কেতিয়াবাহে জাৱৰ সমূহ চাফা কৰাৰ অভিযোগ পৌৰসভাৰ বিৰুদ্ধে ৷

নগাঁ চহৰৰ মাজ মজিয়াত জাবৰৰ দ'ম

নগাঁও , 2 অক্টোবৰঃ বুধবাৰে দেশজুৰি পালন কৰা হৈছে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী ৷ স্বচ্ছতাৰ সপোন দেখা গান্ধীজীৰ জন্মৰ 150 বছৰৰ পাছতো তথা কেন্দ্ৰীয় চৰকাৰে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰাৰ পাঁচ বছৰৰ পাছতো সম্পূৰ্ণ স্বচ্ছ ন'হল নগাওঁ চহৰ ৷ নগাওঁ পৌৰ সভা এলেকাৰ হয়বৰগাঁও আৰক্ষী চকীৰ সন্মুখৰ এখন উদ্যানৰ সমীপতে দিনে ৰাতিয়ে পৰি ৰয় জাবৰৰ দ'ম ৷ স্থানীয় ৰাইজৰ অভিযোগ, জাবৰৰ দ'মে দিনে ৰাতিয়ে অসহ্যকৰ পৰিবেশৰ সৃষ্টি কৰে অঞ্চলটোত ৷ কেৱল সেই অঞ্চলতে নহয়, চহৰ খনৰ কেইবাটাও অঞ্চলত এনে কদৰ্যময় পৰিবেশে ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজক ৷ দৈনিক চাফা কৰাৰ পৰিবৰ্তে কেতিয়াবাহে জাৱৰ সমূহ চাফা কৰাৰ অভিযোগ পৌৰসভাৰ বিৰুদ্ধে ৷

নগাঁ চহৰৰ মাজ মজিয়াত জাবৰৰ দ'ম

লগতে পঢ়কঃ গান্ধীজীৰ স্বচ্ছ ভাৰতৰ সপোনক সঁচা কৰা সম্ভৱ

Intro:দেশজুৰি পালন কৰা হৈছে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী। স্বচ্ছতাৰ সপোন দেখা গান্ধীজীৰ জন্ম দিনটোত আমাৰ কেমেৰাত বন্দী হৈছে অকৰ্মণ্য নগাওঁ পৌৰ সভাৰ স্বচ্ছতাৰ প্ৰকৃত স্বৰূপ। নগাওঁ চহৰৰ বিভিন্ন এলেকাত জাবৰৰ দ'ম। কদৰ্যময় পৰিবেশ নগাওঁ চহৰৰ বহু এলেকা।

Body:স্বচ্ছতাৰ সপোন দেখিছিল জাতিৰ পিতা মহাত্মা গান্ধীয়ে। কিন্তু গান্ধীজীৰ ১৫০ বছৰীয়া জন্ম দিনত পোহৰলৈ আহিছে নগাওঁ পৌৰ সভাৰ অকৰ্মণ্যতাৰ আন এক বাস্তৱ ছবি। চাওক এই দৃশ্য। এয়া নগাওঁ পৌৰ সভা এলেকাৰ হয়বৰগাঁৱৰ দৃশ্য। হয়বৰগাঁও আৰক্ষী চকীৰ সন্মুখৰ এখন উদ্যানৰ সমপীৰ দৃশ্য। পথৰ ওপৰতে আছে জাবৰৰ দ'ম। দুৰ্গন্ধময় পৰিবেশ। কেৱল এটা স্থানতে নহয়। হয়বৰগাঁও পুৰণা এটি ৰোডতো পৰি আছে দমে দমে জাবৰ। নাই কোনো ডাষ্টবিনৰ ব্যৱস্থা। স্বচ্ছ ভাৰত অভিযানৰ নামত কোটি কোটি টকা খৰচ কৰাৰ সময়ত নগাওঁ পৌৰ সভা এলেকাৰ ডাষ্টবিনৰ কোনো ব্যৱস্থা নথকাৰ ফলত একাংশই এনেদৰে পথৰ ওপৰতে পেলাই জাৱৰ। অতি ব্যস্ত হয়বৰগাঁও পাইকাৰী বজাৰৰ সমপীৰ এই জাবৰৰ দমৰ নিচেই কাষতে আছে কেবাখনো হোটেল। দুৰ্গন্ধময় পৰিবেশৰ ওচৰতে প্ৰস্তুত হয় খাদ্য সামগ্ৰীও। পৌৰসভাই দৈনিক চাফাই কৰাৰ বিপৰীতে কেতিয়াবাহে এই সমূহ জাৱৰ চাফা কৰাৰ অভিযোগ উত্থাপন হৈছে। একেই দৃশ্য হয়বৰগাঁও বজাৰৰ সমীপত। কেৱল জাবৰৰ দ'ম। নগাওঁ পৌৰসভাৰ বিৰুদ্ধে এতিয়া ক্ষোভ একাংশ স্থানীয় লোকৰ।
bite-

Conclusion:এয়া হৈছে নগাওঁ পৌৰ সভাৰ স্বচ্ছতাৰ বাস্তৱ ছবিৰ কেইটামান উদাহৰণ। এতিয়া প্ৰশ্ন হয় কেৱল বেনাৰ পোষ্টাৰ আৰি প্ৰচাৰতে সীমাবদ্ধ থাকিব নেকি স্বচ্ছ ভাৰত অভিযান । নে বাস্তৱত হব স্বচ্ছতাই সেৱা। অৱশ্যে এইক্ষেত্ৰত সজাগ হব লাগিব জনতাও।
--------------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
২-১০-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.