ETV Bharat / state

MP Gaurav Gogoi at Kaliabor: মণিপুৰৰ অৰাজক পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ সদ্দিচ্ছা চৰকাৰৰ নাই; গৌৰৱ গগৈ

author img

By

Published : Jun 18, 2023, 6:20 PM IST

দিনজোৰা কাৰ্যসূচীৰে কলিয়াবৰত উপস্থিত সাংসদ গৌৰৱ গগৈ ৷ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা সাংসদগৰাকীৰ ৷

MP Gaurav Gogoi at Kaliabor
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ
কলিয়াবৰত সাংসদ গৌৰৱ গগৈ

কলিয়াবৰ, 18 জুন: উত্তৰ-পূৱক নিৰ্বাচনৰ সময়ত মনত পেলোৱা প্ৰধানমন্ত্ৰীৰ অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ সময় নাই ৷ মণিপুৰলৈ অহাৰ পৰিৱৰ্তে আমেৰিকালৈ উৰা মাৰিবলৈ যো-জা চলাইছে প্ৰধানমন্ত্ৰীয়ে ৷ সেয়াই প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূৱৰ প্ৰতি থকা মৰমৰ প্ৰমাণ ৷ এই মন্তব্য কলিয়াবৰ সমষ্টিৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈৰ ৷

দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে কলিয়াবৰত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ ৷ কলিয়াবৰত উপস্থিত হৈ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে সাংসদগৰাকীয়ে ৷ তেওঁ কয় যে, বিজেপি চৰকাৰে সমাজখন তচনচ কৰি বহু পিছুৱাই লৈ গৈছে ৷ বিজেপিৰ শাসন কালত দুখীয়া মানুহ বিপদত পৰিছে ৷ আধুনিক গুৱাহাটী মোৰ পিতৃ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিৰ্মাণ কৰিলে; কিন্তু বিজেপিয়ে সেই ধাৰাবাহিকতা ধৰি ৰাখিব নোৱাৰিলে বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাজনে ৷

সাংসদগৰাকীয়ে কয় যে, কংগ্ৰেছে সৃষ্টি কৰা শান্তি-শৃংখলা বিজেপি চৰকাৰে বৰ্তাই ৰাখিব নোৱাৰিলে ৷ বিজেপি চৰকাৰৰ অৰাজকতাৰ বাবে মণিপুৰৰ পৰিস্থিতি বৰ্তমান বিশৃংখল হৈছে ৷

লগতে পঢ়ক: Veer lachit sena press meet: অসমত অন্ধ ৰজাৰ শাসন চলিছে: বীৰ লাচিত সেনা

কলিয়াবৰ লোকসভা সমষ্টি দখলৰ বাবে বিজেপিৰ কুচ-কাৱাজক লৈ স্বভাৱসুলভভাৱে সাংসদগৰাকীয়ে কয় যে, নিজৰ প্ৰাৰ্থী দিলেও শেষ হাঁহি কংগ্ৰেছেই মাৰিব ৷ আনহাতে, আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ উচিত তদন্ত কৰি এই ঘটনাৰ সৈতে জড়িত দোষীক উচিত শাস্তি প্ৰদান কৰি দুৰ্ভগীয়া পৰিয়ালটোক চিবিআইয়ে ন্যায় প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে সাংসদগৰাকীয়ে ৷

সাংসদগৰাকীয়ে লগতে কয়, বৰ্তমান চৰকাৰখনৰ দিনত অসমৰ চৌদিশে অৰাজক পৰিস্থিতি ৷ এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কোনো সদ্দিচ্ছা নাই ৷ তাৰ বিপৰীতে বিজেপিৰ নেতা-পালিনেতা সকলৰ ভাই-ভতিজাবাদ, ঠিকা-ঠুকলিৰ চিণ্ডিকেটত দিশহাৰা অসম ৷ এই দুৰৱস্থাৰ সন্মুখীন হৈ অসমৰ জনসাধাৰণে ভোট দি জয়ী কৰা চৰকাৰখনৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে ৷ পুনৰ কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে ৰাইজৰ এই দুখ-দুৰ্দশাৰ অন্ত পৰিব বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.