ETV Bharat / state

১৪ দিনীয়া সদ্যোজাতক লগত লৈ সভাৰ বাহিৰত অপেক্ষা পিতৃ আৰু আইতাকৰ

author img

By

Published : Aug 31, 2022, 6:38 PM IST

চৰকাৰী স্কুটী ল’বলৈ মন্ত্ৰীৰ সভাত এগৰাকী মাতৃ ৷ সভাকক্ষৰ বাহিৰত 14 দিনীয়া কণমানিয়ে অপেক্ষা কৰিছে ‘মা’ অহালৈ ৷ নগাঁৱৰ এই দৃশ্যলৈ আপোনাৰো চকু যাব বাৰে বাৰে (Sakhi Express Scheme) ৷

Sakhi Express Scheme
১৪ দিনীয়া সদ্যোজাতক লগত লৈ সভাৰ বাহিৰত অপেক্ষা পিতৃ আৰু আইতাকৰ

নগাঁও, 31 আগষ্ট: পিতৃৰ কোলাত একোলা, আইতাৰ কোলাত একোলা ৷ কোনাবা এটা সময়ত পিতৃয়ে নিচুকাইছে, কোনাৱা এটা সময়ত আইতাকে নিচুকাইছে ৷ এইদৰে ঘণ্টাই ঘণ্টাই সময় পাৰ কৰিছে 14 দিনীয়া সদ্যোজাতটিয়ে ৷ অধীৰ আগ্ৰহেৰে যেন বাট চাইছে মাতৃ সভাগৃহৰ পৰা ওলাই অহালৈ ৷

‘মা’ৰ বুকুৰ পৰা ঘণ্টা ঘণ্টা সময় আঁতৰি থকা কণমানিটোৱে হিয়াধাকুৰি কান্দিছে জীৱিকা সখী হিচাবে কৰ্মৰত মাতৃক বিচাৰি ৷ এনেকৈয়ে প্ৰায় দুই আঢ়ৈ ঘণ্টা থকাৰ পাছত মাতৃ ওলাই আহিল সভাকক্ষৰ পৰা ৷ পাছৰখিনি মাতৃত্বৰ উমত কণমানিটিৰ সুখৰ সময় ৷

ই টিভি ভাৰতৰ কেমেৰাত বন্দী হোৱা দৃশ্যটো নগাঁৱৰ ৷ দৃশ্যসমূহ প্ৰায়েই সুলভ আৰু স্বাভাৱিক যদিও সকলোৰে মন চুই যোৱা দৃশ্য ৷ এটা 14 দিনীয়া সন্তানৰ মাতৃ ৰুনুমণি ডেকা বৰা উপস্থিত হ’বলগীয়া হ’ল নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত স্কুটী বিতৰণ অনুষ্ঠানত (Scooty distribution in Nagaon)৷ গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ সখী এক্সপ্ৰেছ আঁচনিৰ(Sakhi Express Scheme) স্কুটী ল’বলৈ সভাখনলৈ আহিল ১৪ দিনীয়া কেঁচুৱাৰ মাতৃগৰাকী ।

মন্ত্ৰী অশোক সিংঘালৰ উপস্থিতিত অনুষ্ঠিত হয় গ্ৰামীণ জীৱিকা অভিযানৰ সভাখন৷ আন বহু মহিলাৰ দৰেই সভাখনত উপস্থিত থাকিল ৰুনুমণি ডেকা বৰা ৷ ফলত 14 দিনীয়া কন্যা শিশুটিক ৰখিবলৈ ৰুনুমণিৰ লগতে যাবলগীয়া হ’ল পিতৃ আৰু আইতাক ৷ উৎকট গৰমৰ মাজতে আইতাকে বাৰান্দাতে বহি বিচনীৰে বিচি বিচি ৰখি থাকিল নাতিনীক ৷ ভিতৰত মন্ত্ৰী অশোক সিংঘালৰ(Minister Ashok Singhal) সভা চলি থাকোতেই বাহিৰত ১৪ দিনীয়া কেঁচুৱাক কোলাত লৈ পিতৃ আৰু আইতাকে অপেক্ষা কৰাৰ দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিলে বহুজনৰ ৷

অৱশ্যে চৰকাৰৰ সখী আঁচনিৰ স্কুটী লাভ কৰি উৎফুল্লিতও হৈ পৰে মহিলাগৰাকীৰ লগতে স্বামী আৰু শাহু ।

লগতে পঢ়ক: সৌন্দৰ্যবৰ্দ্ধনত আৰু এখোজ নগাঁও চহৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.