ETV Bharat / state

Monkey menace at Raha: নিতৌ বান্দৰৰ আক্ৰমণত আতংকত ভূগিছে ৰহাবাসী - ৰহা পৌৰসভা

ৰহা চহৰত বান্দৰৰ আতংক । মাত্ৰ এটা বান্দৰৰ বাবেই অঞ্চলটোৰ ৰাইজ এতিয়া ত্ৰস্তমান । হঠাতে অঞ্চলটোত আবিৰ্ভাৱ হোৱা বান্দৰটোৱে অতৰ্কিতে আক্ৰমণ কৰে শিশু আৰু মহিলাক । বান্দৰটোৰ অতৰ্কিত আক্ৰমণত ইতিমধ্যে দুকুৰিতকৈও অধিক শিশু, মহিলা আহত হৈছে।

Monkey menace at Raha
ৰহাত মহিলা-শিশুক আক্ৰমণ বান্দৰৰ
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 3:32 PM IST

ৰহাত মহিলা-শিশুক আক্ৰমণ বান্দৰৰ

ৰহা, ১৯ ছেপ্টেম্বৰ: ৰহাবাসীৰ বাবে এতিয়া সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে এটা বান্দৰ । বান্দৰ ধৰিবলৈ হাতে হাতে লাঠি লৈ ওলাই আহিছে বহু লোক । কিন্তু পুৰুষ দেখিলেই পলাই পত্ৰং দিয়ে বান্দৰটোৱে । বিগত কেইবাদিন ধৰি ৰহা পৌৰসভাৰ অন্তৰ্গত ৰজাগাঁও, ৰহাগাঁও, বালিপাৰা, ভাটিগাঁও আদি অঞ্চলত এটা বান্দৰে চলাই আহিছে সন্ত্ৰাস । দহ-বাৰ দিন পূৰ্বে হঠাতে অঞ্চলটোত আবিৰ্ভাৱ হোৱা বান্দৰটোৱে অতৰ্কিতে আক্ৰমণ কৰে শিশু আৰু মহিলাক । বান্দৰটোৰ অতৰ্কিত আক্ৰমণত ইতিমধ্যে দুকুৰিতকৈও অধিক শিশু, মহিলা আহত হৈছে ।

মাত্ৰ এটা বান্দৰৰ বাবেই অঞ্চলটোৰ ৰাইজ এতিয়া ত্ৰস্তমান । পদূলিলৈ ওলাবলৈ নাইবা বাটেৰে অহা-যোৱা কৰিব নোৱাৰা হৈছে শিশু-মহিলাসকল । বান্দৰটোৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া অঞ্চলৰ লোকসকলে হাতে হাতে লাঠি লৈ থাকিবলগীয়া হৈছে । বিশেষকৈ শিশু আৰু মহিলা দেখিলেই বান্দৰটো জপিয়াই পৰে আৰু জধে-মধে কামোৰে আৰু আঁচোৰে । ফলত অঞ্চলটোৰ দুকুৰিৰো অধিক শিশু মহিলা বান্দৰৰ আক্ৰমণত আহত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে ।

সোমবাৰে বিয়লিও বান্দৰটোৱে ৰজাগাঁৱত চাৰিগৰাকীকৈ শিশু আৰু মহিলাক আক্ৰমণ কৰি আহত কৰে । বান্দৰ ধৰিবলৈ চুকে চুকে চলিল ৰাইজৰ অভিযান । নাই, বান্দৰ হঠাৎ অন্তৰ্ধান । বিগত দহ-বাৰ দিনে বান্দৰটো বন্দী কৰিবলৈ স্থানীয় ৰাইজে চেষ্টা চলাই আছে যদিও চতুৰ বান্দৰটোৱে মানুহৰ জালত ভৰি দিয়া নাই । কোনফালে পলাই তৰ্কিবই নোৱাৰি । উপায়ন্ত হৈ স্থানীয় ৰাইজে নগাঁও বন সংমণ্ডল বিষয়া আৰু ৰহা আৰক্ষী বিষয়াক বান্দৰটোক খেদি নাইবা ধৰি বান্দৰটোৰ উপদ্ৰৱৰ পৰা অঞ্চলৰ শিশু আৰু মহিলাসকলক আতংকৰ পৰা পৰিত্ৰাণ দিবলৈ আবেদন কৰিছে ।

একেদৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতিয়েও বান্দৰটোৰ বিহিত ব্যৱস্থা কৰিবলৈ বন সংমণ্ডল বিষয়াক যোৱা ১১ ছেপ্টেম্বৰতে দাবী জনাইছিল যদিও আজিকোপতি বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে । ফলত বান্দৰৰ ত্ৰাসৰ বলি হ'বলগীয়া হৈছে এই সমগ্ৰ অঞ্চলটোৰ ৰাইজ ।

লগতে পঢ়ক: Monkey menace at Kaliabor: কলিয়াবৰত হাতীৰ পিছত এইবাৰ বান্দৰৰ আতংক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.