চামগুৰি,5 ফেব্ৰুৱাৰী : নৱ গঠিত দুই আঞ্চলিক দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতাক ‘বিয়নী মেল’ আখ্যা দিছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই । লগতে দহ বছৰৰ পাছত দুই দলৰ মনোবাঞ্চা পূৰণ হ’ব বুলিও মন্তব্য কৰে বিধায়িকা গৰাকীয়ে ৷
উল্লেখ্য যে, শুকুৰবাৰে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতাত মোহৰ লগাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ঘোষণা কৰে দুয়ো দলৰ মাজত হোৱা মিত্ৰতাৰ কথা । দুই দলৰ মিত্ৰতাৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়িকা আঙুৰলতা ডেকাই ।
বটদ্ৰৱা সমষ্টিৰ বহুকেইখন ঠাইত আধাৰশিলা স্থাপন কৰাৰ পাচত সাংবাদিকৰ আগত তেওঁ কয় যে, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ এয়া আচলতে মিত্ৰতা নহয়, বিয়নী মেলহে । তেওঁলোকে বিজেপিক পৰাভূত কৰিবলৈ যিমানেই মিত্ৰতা নকৰক কিয়, দহ বছৰ পাছতহে তেওঁলোক সফল হ’ব পাৰিব ৷
লগতে পঢ়ক : বঙাইগাঁৱত বিজেপিৰ বিশাল যোগদান সভা