ETV Bharat / state

বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ ধিঙৰ বিধায়ক

author img

By

Published : Dec 24, 2020, 8:01 PM IST

সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাত বিজেপি চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম ৷

MLA Aminul Islam Prosecuted BJP rupahihat nagaon assam etv bharat news
বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ ধিঙৰ বিধায়ক

ৰূপহীহাট,24 ডিচেম্বৰ: নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াৰ অন্তৰ্গত আৰিমাৰি চৰৰ জ্ঞানদা একাডেমীৰ চৌহদত বুধবাৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ পৰিষদৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত নৱগঠিত আৰিমাৰি চৰ আৰু শিয়ালী চৰৰ আঞ্চলিকৰ লগত সংগতি ৰাখি সমাজত প্ৰচলিত বিভিন্ন অসামাজিক কাৰ্য-কলাপৰ বিৰুদ্ধে অনুষ্ঠিত কৰে এই সভা ৷ উক্ত সভাত উপস্থিত থাকে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহম্মদ আলী খলিফাৰ লগতে কেইবাগৰাকীয়ো কেন্দ্ৰীয় আৰু জিলা প্ৰতিনিধি ৷ উক্ত সভাত উপস্থিত থকা দেখা যায় ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক ৷

বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ ধিঙৰ বিধায়ক

ধিঙৰ বিধায়কগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰে উক্ত সভাৰ জৰিয়তে ৷ জাতি-মাটি ৰক্ষাৰ কথা কৈ ক্ষমতাৰ গাদী দখল কৰা বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰি অসমক ধংসৰ দিশে ঠেলি দিয়া বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ইছলামে ৷ বানৰ সময়ত চৰ অঞ্চলৰ লোকে সাহায্য লাভ নকৰাৰ লগতে মাটিৰ পট্টা লাভ নকৰাক কেন্দ্ৰ কৰি চৰকাৰক কটাক্ষ কৰে বিধায়কগৰাকীয়ে ৷ অনাগত দিনত বিজেপি চৰকাৰক পৰিহাৰ কৰিবলৈ সকলোকে ঐক্যবদ্ধ হ’বলৈ সভাৰ জৰিয়তে আহ্বান জনাই বিধায়ক আমিনুল ইছলামে ৷

লগতে চাওকঃ জিতেন্দ্ৰ সিঙৰ প্ৰতিবেদনে পাখি কাটিব নেকি ৰিপুন বৰাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.