নগাঁও, 23 ডিচেম্বৰঃ নগাঁৱত অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ গৈ আক্ৰমণৰ বলি হ'ল আৰক্ষী আৰু বনৰক্ষী ৷ তথ্য অনুসৰি সোমবাৰে বন বিভাগৰ দল আৰু আৰক্ষীৰ দল এটাই ডবকা আমবাৰীস্থিত এটা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ গৈছিল ৷ তেনে সময়তে একাংশ লোকে অভিযানকাৰী দলটোৰ ওপৰত আক্ৰমণ চলাই৷
আক্ৰমণকাৰী লোক সকলে কাঠফলা মিল উচ্ছেদ কৰিবলৈ যোৱা অভিযানকাৰী দলটোক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে বুলি জানিব পৰা গৈছে ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ আৰক্ষী আৰু বনৰক্ষীৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হয় একাংশ লোক ৷ একাংশ লোকে বনকৰ্মীৰ গাড়ীত অগ্নিসংযোগৰো চেষ্টা চলাই ৷ ইপিনে পৰিস্থিতি ভয়াৱহ হৈ পৰাত আৰক্ষীৰ দলটোৱে শূণ্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় ৷ শূণ্যলৈ দহজাইকৈ গুলী চালনা কৰি অভিযানকাৰী দলটো সেই স্থানৰ পৰা আঁতৰি আহে ৷ আনহাতে দুৰ্বৃত্তৰ আক্ৰমণত এগৰাকী আৰক্ষী কনিষ্টবল গুৰুতৰভাৱে আহত হয় ৷ আহত আৰক্ষী কনিষ্টবল জন বিতোপন নাথ বুলি জানিব পৰা গৈছে ৷ আহত বিতোপন নাথক চিকিৎসাৰ বাবে নগাঁও চিকিৎসালয়লৈ অনা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেওঁক ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয় ৷
লগতে পঢ়ক - আদালতত হাজিৰ আলফা নেতা জিতেন দত্তক