ETV Bharat / state

Minority Scholarship Scam: কোনে কোনে হজম কৰিলে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কোটি কোটি টকা?

author img

By

Published : Apr 26, 2022, 10:47 PM IST

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী (Minority Scholarship Scam)। শিক্ষা বিভাগৰ বিষয়া, কৰ্মচাৰীৰ পৰা বেংকৰ চি এছ পিলৈকে সাঙোৰ খাইছে কেলেংকাৰীৰ অভিযোগত ৷ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ উদ্দেশ্যেই নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত নিশাটোৰ ভিতৰতেই বহু ভুৱা শিক্ষা প্ৰতিষ্ঠান গঢ়ি উঠাৰো অভিযোগ উত্থাপিত হৈছে ।

Minority Scholarship Scam
কোনে কোনে হজম কৰিলে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কোটি কোটি টকা?

নগাঁও, 26 এপ্ৰিল: সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত মধ্য অসমৰ নগাঁৱত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী (Minority Scholarship Scam)। শিক্ষা বিভাগৰ বিষয়া, কৰ্মচাৰীৰ পৰা বেংকৰ চি এছ পিলৈকে যিয়ে যেনেকৈ পৰিছে গো গ্ৰাসে গিলিছে ছাত্ৰ ছাত্ৰীৰ ধন । দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালৰ পৰাই নগাঁৱত সংঘটিত হৈ আহিছে সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত এই ভয়াৱহ কেলেংকাৰী (Scholarship Scam in Nagaon)।

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ উদ্দেশ্যেই নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত নিশাটোৰ ভিতৰতেই বহু ভুৱা শিক্ষা প্ৰতিষ্ঠান গঢ়ি উঠাৰো অভিযোগ উত্থাপিত হৈছে (Fake minority students) । নগাঁও প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি এই অভিযোগ উত্থাপন কৰিছে আছিফ জাহান নামৰ এইগৰাকী আৰ টি আই কৰ্মীয়ে । সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত নগাঁৱত সংঘটিত এই ভয়ংকৰ কেলেংকাৰীৰ তদন্ত চি আই ডিয়ে অব্যাহত ৰখাৰ সময়তে কেলেংকাৰীৰ সৈতে চৰকাৰী বিষয়া জড়িত থকাৰো অভিযোগ উত্থাপিত হৈছে ।

নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল নাথৰ বিৰুদ্ধেও সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে আৰ টি আই কৰ্মী আছিফ জাহানে । একাংশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰীৰ সহযোগত নগাঁৱতে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ সৰ্বাধিক কেলেংকাৰী সংঘটিত হোৱাৰো অভিযোগ উত্থাপিত হৈছে ।

আনকি, সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আত্মসাত কৰি বহু লোক বিশাল অট্টালিকাৰ গৰাকী হ’বলৈ সক্ষম হোৱা বুলিও অভিযোগ উত্থাপন হৈছে । জিলাখনৰ বহুকেইজন প্ৰাথমিক শিক্ষা বিষয়াৰ বিৰুদ্ধেও এই বৃহৎ কেলেংকাৰীত জড়িত হোৱাৰো অভিযোগ উত্থাপন হৈছে । কেৱল এয়াই নহয় সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ নামত চৰকাৰে আৱন্টন দিয়া ধনৰ এই বৃহৎ কেলেংকাৰীত একাংশ সংখ্যালঘু বিধায়ক জড়িত থকাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

অস্থিত্বহীন বিদ্যালয়ৰ নামত সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ এক ভয়াৱহ কেলেংকাৰী সংঘটিত হোৱা বুলি স্বীকাৰ কৰিলে নগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়ায়ো ৷ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীত জড়িত কেইবাজনো ব্যক্তি ইতিমধ্যে চি আই ডিৰ জালত পৰিছে যদিও অভিযুক্ত চৰকাৰী বিষয়া তদন্তৰ আওতালৈ আহে নে নাই সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় ।

লগতে পঢ়ক: আমাক গুলীয়াই মাৰক, নহ’লে স্থায়ী সমাধান দিয়ক : কোনে কৰিলে এই আহ্বান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.