ETV Bharat / state

এক কৰুণ ঘটনাকলৈ শোকস্তব্ধ নগাঁৱৰ ৰাইজ

author img

By

Published : Jul 31, 2021, 2:18 PM IST

খৰি আনিবলৈ গৈ সোণাৰী সুঁতিত পৰি দুই শিশুৰ সলিল সমাধি ঘটে । মৃত দুই শিশু সমন্ধত ভাতৃ-ভগ্নী বুলি জানিব পৰা গৈছে । আন এগৰাকী ভগ্নী বৰ্তমানেও সন্ধানহীন হৈ আছে ।

nagaon
এক কৰুণ ঘটনাকলৈ শোকস্তব্ধ নগাঁৱৰ ৰাইজ

বঢ়মপুৰ, ৩১ জুলাই : ৰাজ্যত কৰ'ণাৰ (Corona) সংক্ৰমণ অব্যাহত আছে । প্ৰতিদিনে মহামাৰীৰ ফলত মৃত্যু হৈছে বিভিন্নজনৰ । মহামাৰীৰ পৰিস্থিতি কেতিয়া সুস্থিৰ হ'ব তাক লৈ সকলো উদ্বিগ্ন আৰু চিন্তিত হৈ আছে । ইয়াৰ মাজতে নগাঁও জিলাত এক শোকাৱহ ঘটনা সংঘটিত হয় ।

জিলাখনৰ কচুৱাৰ শংকৰপুৰত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা । শুক্ৰবাৰে বিয়লি খৰি আনিবলৈ গৈ সোণাৰী সুঁতিত পৰি দুই শিশুৰ সলিল সমাধি ঘটে । মৃত দুই শিশু সম্বন্ধত ভাতৃ-ভগ্নী বুলি জানিব পৰা গৈছে । মৃত শিশু দুটি কচুৱাৰ শংকৰপুৰৰ ৰাম ডেকাৰজাৰ পুত্ৰ কুশ ডেকাৰজা আৰু কন্যা জানমণি ডেকাৰজা বুলি জানিব পৰা গৈছে ।

খৰি বিচাৰি যোৱা শিশু দুটি সন্ধিয়া পৰ্যন্ত উভতি নহাত স্থানীয় ৰাইজে বিচাৰ খোচাৰ কৰি দুয়ো ভাতৃ-ভগ্নীক সোনাৰী সুঁতিৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । মৃত জানমনি ডেকাৰজাৰ বয়স ১১ বছৰ হোৱাৰ বিপৰীতে কুশ ডেকাৰজাৰ বয়স ৬ বছৰ । আনহাতে খৰি বিচাৰি যোৱা ৰাম ডেকাৰজাৰ আন এগৰাকী কন্যা কল্যানী ডেকাৰজা বৰ্তমানেও সন্ধানহীন হৈ আছে ।

এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চল জুৰি এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । ৰহস্যজনকভাৱে একেটা পৰিয়ালৰ তিনিটাকৈ সন্তানৰ সৈতে হোৱা এনে ঘটনাই সকলোকে আচৰিত কৰি তুলিছে । ইতিমধ্যে সন্ধানহীন কল্যানী ডেকাৰজাক বিচাৰি অনুসন্ধান আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক :ডিগবৈ আৰক্ষীৰ জালত বৃহৎ তেল চুৰি চক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.