ETV Bharat / state

পৰেশ বৰুৱাসহ আলফা স্বাধীনৰ বহু সদস্য আঁতৰি গৈছে মূল উদ্দেশ্যৰ পৰা: সঞ্জয় কিষাণ - আলফা স্বাধীনৰ মূৰব্বী পৰেশ বৰুৱা

নগাঁৱত উপস্থিত হৈ মন্ত্ৰী সঞ্জয় কিষাণে আক্ৰমণৰ লক্ষ্য কৰি ল’লে আলফা স্বাধীনৰ মূৰব্বী পৰেশ বৰুৱাক (Minister Sanjay Kishan comments on ULFA-I) ৷ মন্ত্ৰী গৰাকীয়ে ক’লে পৰেশ বৰুৱাসহ আলফা স্বাধীনৰ বহু সদস্যই আঁতৰি গৈছে মূল উদ্দেশ্যৰ পৰা ।

minister-sanjay-kishan-targets-paresh-baruah
পৰেশ বৰুৱাসহ আলফা স্বাধীনৰ বহু সদস্য আঁতৰি গৈছে মূল উদ্দেশ্যৰ পৰা: সঞ্জয় কিষাণ
author img

By

Published : May 13, 2022, 4:55 PM IST

নগাঁও, 13 মে’ : এইবাৰ আলফা স্বাধীনৰ মূৰব্বী পৰেশ বৰুৱাক (ULFA chief Paresh Baruah) আক্ৰমণৰ লক্ষ্য কৰি ল’লে মন্ত্ৰী সঞ্জয় কিষাণে (Minister Sanjay Kishan targets Paresh Baruah) ৷ নগাঁৱত উপস্থিত হৈ মন্ত্ৰী কিষাণে ক’লে, পৰেশ বৰুৱাসহ আলফা স্বাধীনৰ বহু সদস্যই আঁতৰি গৈছে মূল উদ্দেশ্যৰ পৰা । কেৱল ইমানেই নহয়, পৰেশ বৰুৱাই বহুবাৰ অসমৰ ৰাইজক মিছা কথা কোৱাৰ কথাৰে অসমত ধন দাবী, ভাবুকি আদিৰ পৰিবেশ থকাৰ বাবেই বাহিৰৰ উদ্যোগপতিয়ে অসমত উদ্যোগ স্থাপন নকৰে বুলিও অভিযোগ মন্ত্ৰী গৰাকীৰ ।

শুকুৰবাৰে নগাঁৱৰ মন্টেশ্বৰী শিশু আৰু প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিৰুদ্ধে এইদৰে কেবাটাও বিস্ফোৰক মন্তব্য কৰিলে সঞ্জয় কিষাণে । আলফা স্বাধীনৰ শিবিৰত অসমীয়া যুৱকৰ মৃত্যু (Youth dies in ULFA-I camp) সন্দৰ্ভত মন্তব্য কৰি পৰেশ বৰুৱাক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী সঞ্জয় কিষাণে ৷ তেওঁ কয়, পৰেশ বৰুৱাই অসমৰ ৰাইজক বহুবাৰ মিছা কথা কৈছে, আলফা স্বাধীনৰ মুৰব্বীসহ বহু সদস্যই এতিয়া সংগঠনটোৰ মূল উদ্দেশ্যৰ পৰা আঁতৰি গৈছে ।

পৰেশ বৰুৱাসহ আলফা স্বাধীনৰ বহু সদস্য আঁতৰি গৈছে মূল উদ্দেশ্যৰ পৰা: সঞ্জয় কিষাণ

আনকি, আলফা স্বাধীনত যোগদান (Youth joining in ULFA-I) কৰা যুৱক সকলক পথভ্ৰষ্ট আখ্যা দি তেওঁ কয়, বহু যুৱক আৱেগিক হৈ আলফা স্বাধীনত যোগদান কৰি নিজৰ প্ৰকৃত দায়িত্বৰ পৰা আঁতৰি থাকে । এই পন্থাক একাংশই সহজতে ধন ঘটাৰ পন্থা হিচাপে অৱলম্বন কৰা বুলিও উল্লেখ কৰিলে মন্ত্ৰী সঞ্জয় কিষাণে ৷ ইয়াৰোপৰি, সশস্ত্ৰ পন্থাই অসমক উন্নয়নৰ ক্ষেত্ৰত কেতিয়াও আগুৱাই নিব নোৱাৰে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : অস্তিত্ব সংকটত কংগ্ৰেছ: শীঘ্ৰেই আহিব নতুন ৰূপত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.