ETV Bharat / state

নগাঁৱত জ্যেষ্ঠ নাগৰিকৰ আশীৰ্বাদ গ্ৰহণ মন্ত্ৰী প্ৰমিলাৰাণী ব্রক্ষ্মৰ - মন্ত্ৰী প্ৰমিলাৰাণী ব্রক্ষ্ম

অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত নগাওঁ জিলা প্ৰশাসন আৰু আইন সেৱা প্ৰাধিকৰণৰ সহযোগত শনিবাৰে নগাঁৱৰ নেহেৰুৱালীত অনুষ্ঠিত হয় জ্যেষ্ঠ নাগৰিক কল্যাণ সম্পৰ্কীয় "চেতনা" শীৰ্ষক এক অনুষ্ঠান । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী প্ৰমিলাৰাণী ব্রক্ষ্ময়ে কেবাগৰাকী জ্যেষ্ঠ নাগৰিকক সেৱা কৰাৰ লগতে সম্বৰ্ধনা জনায় ।

Minister Pramila Rani Brahma Programme at Nagaon got blessing from seniors assam etv bharat news
চেতনা শীৰ্ষক অনুষ্ঠানত মন্ত্ৰী ব্ৰহ্ম
author img

By

Published : Mar 1, 2020, 2:04 AM IST

নগাওঁ,29 ফেব্ৰুৱাৰীঃ নগাঁৱৰ নেহেৰুৱালীত বহুকেইজন জ্যেষ্ঠ নাগৰিকৰ ভৰি ধুৱাই আশীৰ্বাদ লয় মন্ত্ৰী প্ৰমিলাৰাণী ব্রক্ষ্ময়ে । অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত নগাওঁ জিলা প্ৰশাসন আৰু আইন সেৱা প্ৰাধিকৰণৰ সহযোগত শনিবাৰে নগাঁৱৰ নেহেৰুৱালীত অনুষ্ঠিত হয় জ্যেষ্ঠ নাগৰিক কল্যাণ সম্পৰ্কীয় "চেতনা" শীৰ্ষক এক অনুষ্ঠান । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী প্ৰমিলাৰাণী ব্রক্ষ্ময়ে কেবাগৰাকী জ্যেষ্ঠ নাগৰিকক সেৱা কৰাৰ লগতে সম্বৰ্ধনা জনায় । মন্ত্ৰীগৰাকীয়ে নিজেয়ো পিতৃ-মাতৃক সেৱা কৰাৰ কথা উল্লেখ কৰি সকলোৱে পিতৃ-মাতৃক শ্ৰদ্ধা আৰু আদৰ কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে ।

চেতনা শীৰ্ষক অনুষ্ঠানত মন্ত্ৰী ব্ৰহ্ম

বৰ্তমান সময়ত নৱপ্ৰজন্মই এই কথা গুৰুত্ব সহকাৰে ল’লে সমাজখন সূচাৰুৰূপে পৰিচালিত হোৱাৰ লগতে প্ৰত্যেকৰে সম্পৰ্ক দৃঢ় হ’ব বুলি ব্ৰহ্ময়ে কয় । লগতে বৰ্তমান সমাজত বহুকেইগৰাকী কুলাংগাৰ পুত্ৰই নিজৰ পিতৃ-মাতৃক বৃদ্ধ বয়সত ঘৰৰ পৰা উলিয়াই দিয়াৰ ঘটনা সংঘটিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সমাজ কল্যাণ বিভাগৰ অধীনত এই কাৰ্য্যসূচী গ্ৰহণ কৰা বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে । অনুষ্ঠানটোৰ আদৰণী ভাষণ প্ৰদান কৰে জিলা উপায়ুক্ত যাদৱ শইকীয়ায়ে ৷

লগতে চাওকঃবিতৰ্কমূলক ফেচবুক পোষ্টঃআদালতত হাজিৰ অধ্যাপক সৌৰদ্বীপ সেনগুপ্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.