জখলাবন্ধা, 11 নৱেম্বৰ: সোমবাৰে দুপৰীয়া জখলাবন্ধাৰ গ্ৰাম্য চিকিৎসালয়ত আকস্মিকভাৱে উপস্থিত হয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকা ৷ চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰী হাজৰিকাই বিভিন্ন সমস্যাৰাজিৰ বুজ লোৱাৰ লগতে মত-বিনিময় কৰে চিকিৎসক-ৰোগীৰ সৈতে ৷
পৰিদৰ্শনত চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্চ তথা অন্যান্য কৰ্মচাৰীৰ নিয়মীয়া উপস্থিতি আৰু সামগ্ৰিক পৰিৱেশত মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে চিকিৎসা সেৱাৰ উন্নয়নৰ আশ্বাস আৰু সমস্যা সমাধানৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷
লগতে চাওকঃজৱাহৰালাল নেহেৰু বিশ্ববিদ্যালয়ৰ সন্মুখত ছাত্ৰ সংঘৰ প্ৰতিবাদ