ETV Bharat / state

Minister Pijush Hazarika in Nagaon: 2011 চনৰ লোকপিয়ল মতে সমষ্টি পুনৰনিৰ্ধাৰণ বিচৰাসকল অসমীয়াৰ শত্ৰু; পীযুষ হাজৰীকা - Pijush Hazarika Slams Akhil Gogoi

শনিবাৰে নগাঁৱত অনুষ্ঠিত বিজেপি দলৰ এক সাংগঠনিক সভাত অংশগ্ৰহণ ৰাজ্য চৰকাৰৰ জলসম্পদ, জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ অখিল গগৈক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ (Pijush Hazarika Slams Akhil Gogoi) ৷

Minister Pijush Hazarika in Nagaon
বিজেপিৰ সাংগঠনিক সভাত মন্ত্ৰী পীযুষ হাজৰীকা
author img

By

Published : Jun 10, 2023, 5:26 PM IST

নগাঁৱত মন্ত্ৰী পীযুষ হাজৰীকা

নগাঁও, 10 জুন: পুনৰ অখিল গগৈক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ অখিল গগৈয়ে কেতিয়া কি কথা কয় ধৰিবই নোৱাৰি ৷ কংগ্ৰেছক গালি পাৰি আকৌ কংগ্ৰেছৰ লগতে উঠা-বহা অখিলৰ ৷ শনিবাৰে নগাঁৱত অনুষ্ঠিত বিজেপি দলৰ এক সাংগঠনিক সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত এইদৰে মন্তব্য কৰে ৰাজ্য চৰকাৰৰ জলসম্পদ, জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ৷ লগতে কংগ্ৰেছ, এ আই ইউ ডি এফ ভাই ভাই, 2011 চনৰ লোকপিয়ল মতে সমষ্টি পুনৰনিৰ্ধাৰণ বিচৰাসকল অসমীয়াৰ শত্ৰু বুলিও মন্তব্য কৰে মন্ত্ৰীজনে (Minister Pijush Hazarika in Nagaon) ৷

ৰাইজৰ দলৰ নেতা অখিল গগৈক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ বিধায়ক অখিল গগৈ আৰু মন্ত্ৰী পীযুষ হাজৰীকাৰ মাজত ছিণ্ডিকেটক লৈ বাক-বিতণ্ডা অব্যাহত থকাৰ মাজতে অখিল গগৈক কটাক্ষ কৰি মন্ত্ৰী মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য ৷ তেওঁ কয় যে, অখিল গগৈয়ে কি কি কথা কৈ থাকে আজিকালি কবলৈকে দিগদাৰ ৷ অখিল গগৈয়ে বহুত কথা কয় ৷ ৰাতিপুৱা এটা কয় আৰু আবেলি এটা কয় ৷ কেতিয়াবা কংগ্ৰেছক গালি পাৰে আকৌ পাছত কংগ্ৰেছৰ লগত মিলি যায় ৷ কেতিয়াবা মমতা বেনাৰ্জীৰ লগত গৈ বহি থাকে আৰু অসমত আহি কয় যে মমতা বেনাৰ্জী অসমলৈ আহিলে মোৰ বিপদ হ’ব ৷ আকৌ কেতিয়াবা কেজৰিৱালৰ ওচৰলৈও যায় ৷ ইয়াত আহি বন্ধু সকলক কয় আপৰ উত্থান অসমত হ’বলৈ দিব নোৱাৰি ৷ অখিল গগৈয়ে যি কয় কওক, আমি ৰাইজৰ বাবে কাম কৰি আছো আৰু তেওঁৰ সমষ্টিতো কাম কৰিম ৷ এইদৰে অখিল গগৈ সন্দৰ্ভত নগাঁৱত মন্তব্য কৰে মন্ত্ৰী মন্ত্ৰী পীযুষ হাজৰীকাই (Pijush Hazarika Slams Akhil Gogoi) ৷

2011 চনৰ পাছৰ লোকপিয়ল অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ বিচৰাসকলক অসমীয়াৰ শত্ৰুও আখ্যা দিয়ে মন্ত্ৰী মন্ত্ৰী পীযুষ হাজৰীকাই ৷ অসমৰ শত্ৰুক প্ৰতিহত কৰিবলৈ সকলো একলগ হ’ব লাগিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, আমিনুল ইছলাম আৰু কংগ্ৰেছে সমষ্টি পুনৰনিৰ্ধাৰণ 2011 ভিত্তিত বিচাৰিছে; পাৰিলে তেওঁলোকে 2021 বিচাৰিব ৷ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু এ আই ইউ ডি এফৰ আমিনুল ইছলামেও 2011 ৰ লোকপিয়ল অনুসৰি সমষ্টি পুনৰনিৰ্দ্ধাৰণ হোৱাটো বিচাৰে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ নেতৃত্বৰ মন্তব্যই কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ভাই ভাই বুলি পুনৰ প্ৰমাণ কৰা বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Constituency Delimitation in Assam) ৷

2011 লোকপিয়ল অনুসৰি সমষ্টি পুনৰনিৰ্ধাৰণ বিচৰা কংগ্ৰেছৰ পৰা নগাঁৱৰ ৰাইজে একো পোৱা নাই বুলিও উল্লেখ কৰি আগন্তুক লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিৰ পৰা বিজেপিৰ সাংসদ জয়ী হ’ব বুলিও দাবী কৰিলে মন্ত্ৰীগৰাকীয়ে ৷ নগাঁৱত অনুষ্ঠিত বিজেপি দলৰ এই সাংগঠনিক সভাত মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা (Pijush Hazarika Slams Congress) ৷

লগতে পঢ়ক: Upcoming rainy season : সমাগত বাৰিষা, বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ সাজু ধেমাজিৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.