ETV Bharat / state

পথ দুৰ্ঘটনা সংঘটিত পাঁচ জিলাৰ অন্যতম নগাঁও : পৰিমল শুক্লবৈদ্য - Bike rally in Nagaon

Road Safety Awareness in Nagaon: জখলাবন্ধাত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পথ সুৰক্ষা সজাগতা সভা । তেওঁ বিশ্ব স্মৃতি দিৱস উপলক্ষে আমিনগাঁৱৰ পৰা আৰম্ভ কৰা ৰাজ্যজোৰা সজাগতামূলক বাইক ৰেলীৰ অংশ হিচাপে কঁহৰাৰ পৰা উপস্থিত হয় ।

Awareness of road safety in Assam
জখলাবন্ধাত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য
author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 8:57 PM IST

জখলাবন্ধাত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য

কলিয়াবৰ, ২৬ ডিচেম্বৰ: কাজিৰঙাৰ কঁহৰাৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাইক ৰেলীৰে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য মঙলবাৰে উপস্থিত হয় জখলাবন্ধাত । ইয়াত এখন সজাগতা সভাত অংশগ্ৰহণ কৰে পৰিবহণ মন্ত্ৰী গৰাকীয়ে । গোলাঘাট জিলাৰ কঁহৰাৰ পৰা আজি মটৰচাইকেল চলাই আহি পথ সুৰক্ষা সজাগতা অভিযানত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । ৰাইজৰ মাজত পথ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মটৰচাইকেল চলাই এই অভিযান চলাইছে ।

নগাঁও জিলাত এই উপলক্ষে প্ৰথমখন সভাত ভাষণ দি তেওঁ কয়,"ৰাজ্যত সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হোৱা পাচঁখন জিলাৰ ভিতৰত নগাঁও অন্যতম । এই বৰ্ষৰ নৱেম্বৰলৈকে নগাঁও জিলাত পথ দুৰ্ঘটনাৰ ফলত ২০৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । আহত হৈছে সহস্ৰাধিক । যোৱা বছৰত সমগ্ৰ ৰাজ্যত মুঠ ২৯৯৪ জন লোকে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ।" সেয়ে পথ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত সকলৰ বাবে বিশ্ব স্মৃতি দিৱস উপলক্ষে আমিনগাঁৱৰ পৰা আৰম্ভ কৰা ৰাজ্যজোৰা সজাগতামূলক বাইক ৰেলীৰ অংশ হিচাপে কঁহৰাৰ পৰা উপস্থিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য ।

পৰিবহণ মন্ত্ৰীগৰাকীৰ নেতৃত্বত পথ সুৰক্ষাৰ বাবে ৰাজ্যজুৰি উলিওৱা হৈছে ৰেলী । তেওঁ বিশ্ব স্মৃতি দিৱস উপলক্ষে যোৱা ১৯ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই মটৰচাইকেল ৰেলী উপলক্ষে আজি কলিয়াবৰ বিধানসভাত এই সজাগতা সভাত অংশগ্ৰহণ কৰি পথ দুৰ্ঘটনাত নিহত ব্যক্তিক শ্ৰদ্ধা নিবেদি সকলোকে পথ সুৰক্ষাৰ নীতি-নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায় ।

গাড়ীৰ গতিবেগৰ ওপৰত নিয়ন্ত্ৰণ ৰক্ষা কৰি নিজৰ লগতে আনৰো জীৱনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে । তেওঁ পুনৰ কয় যে ৰাইজ সজাগ হ'লেই দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস হ'ব ৷ এই ৰেলী ৰাজ্যৰ প্ৰতিটো সমষ্টিয়ে সমষ্টিয়ে যাব বুলি মন্ত্ৰীগৰাকীয়ে কয় ৷ দুৰ্ঘটনা ৰোধ কৰাত সকলো ৰাইজৰে সহযোগিতা অনিবাৰ্য । ইতিমধ্যে এই ৰেলীয়ে ৮৮টা সমষ্টি সামৰি লৈছে আৰু আটাইকেইটা সমষ্টিতে এই ৰেলী সম্পন্ন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশাপ্ৰকাশ কৰে ।

উল্লেখযোগ্য যে, প্ৰতি বছৰে নৱেম্বৰৰ তৃতীয় দেওবাৰে পথ দুৰ্ঘটনাত হতাহত হোৱা লোকৰ স্মৃতিত বিশ্ব স্মৃতি দিৱস পালন কৰা হয় । ১৯৯৩ চনত পোন প্ৰথমে ব্ৰিটিছ পথ দুৰ্ঘটনাগ্ৰস্ত দাতব্য সংস্থা ৰোডপিছে আৰম্ভ কৰা এই দিৱসটো ২০০৫ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰে ।

লগতে পঢ়ক:দেশ-জাতিৰ বাবে প্ৰাণ আহুতি দিয়া দুই বীৰক স্মৰণ কৰি বীৰ বাল দিৱস পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.