কলিয়াবৰ,9 এপ্ৰিলঃ বুধবাৰে কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত প্ৰতিখন গাঁও পঞ্চায়তত চৰকাৰী সুবিধাৰ পৰা বঞ্চিত পৰিয়ালসমূহৰ মাজত সাহায্য বিতৰণ কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ মন্ত্ৰীগৰাকীয়ে লক ডাউন সম্পৰ্কত 12 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া সৰ্বদলীয় আৰু কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰে ৷ কলিয়াবৰৰ বিধায়ক গৰাকী বৰ্তমান নগাঁও আৰু শোণিতপুৰ জিলাৰ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ ব্যৱস্থাপনাৰ দায়িত্বত আছে ৷
বুধবাৰে কলিয়াবৰ মহকুমাৰ আমগুৰি পঞ্চায়তৰ অন্তৰ্গত 100টা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে । ৰেচন কাৰ্ড থকাসকলক চৰকাৰীভাৱে চাউল বিতৰণ কৰাৰ লগতে কাৰ্ড নথকা পৰিয়ালক এহেজাৰ টকাকৈ নগদ ধন প্ৰদান কৰা হৈছে যদিও একাংশ পৰিয়াল এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে । বঞ্চিতসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰৰ প্ৰতিখন গাঁও পঞ্চায়তৰ অন্তৰ্গত পৰিয়ালসমূহক বুধবাৰে সাহায্য বিতৰণৰ শুভাৰম্ভ কৰা হয় ৷ কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগ, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস তথা কলিয়াবৰ মহকুমাৰ পঞ্চায়ত প্ৰতিনিধিৰ প্ৰতিটো পৰিয়ালক 10কেজি চাউল,1কেজি দাইল,1লিটাৰ মিঠাতেল আৰু 3কেজিকৈ আলু প্ৰদান কৰা হয় ৷
লগতে চাওকঃ খাদ্য সুৰক্ষা বিভাগে নিৰ্ধাৰিত কৰিলে শাক-পাচলিৰ দাম