ETV Bharat / state

Man Elephant conflict: হাতী-মানুহৰ সংঘাটক লৈ উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত - বন্যহস্তীৰ আক্ৰমণৰ ঘটনা

ৰাজ্যত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ (Man Elephant conflict) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে কলিয়াবৰতো বন্যহস্তীৰ সন্ত্ৰাস ৷ এই ভয়াৱহ সমস্যাক লৈ উদ্বিগ্ন ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Minister Keshab Mahanta on Man Elephant conflict) ৷

minister-keshab-mahanta-commented-on-wild-elephant-terror
কলিয়াবৰত হৈ থকা হাতী মানুহৰ সংঘাতক লৈ উদ্বিগ্ন মন্ত্ৰী কেশৱ মহন্ত
author img

By

Published : Jan 9, 2023, 11:16 AM IST

কলিয়াবৰত হৈ থকা হাতী মানুহৰ সংঘাতক লৈ উদ্বিগ্ন মন্ত্ৰী কেশৱ মহন্ত

কলিয়াবৰ, 9 জানুৱাৰী: "ৰাজ্যত হাতী মানুহৰ সংঘাত (Man Elephant conflict) যথেষ্ট বেছি হৈছে ৷ যিবোৰ অঞ্চলত এই সংঘাত হ’ব বুলি ভবা নাযায়, সেইবোৰ ঠাইত অতৰ্কিতে এনেকুৱা ঘটনা ঘটিছে ৷ মই ইতিমধ্যে বন বিভাগৰ লগত এই সন্দৰ্ভত কথা পাতিছো যাতে অতিৰিক্ত ফ’ৰ্চ নিযুক্ত কৰি হাতী অহা যি পথ আছে, সেই পথতে কিবাকৈ অৱৰোধ কৰিব পাৰি ৷

পূৰ্বতে দিন দুপৰতে হাতী জনবসতিপূৰ্ণ অঞ্চলৰ কাষ চাপিলে, তাক কাজিৰঙালৈ খেদি পঠোৱাৰ ব্যৱস্থা কৰা হৈছিল ৷ এতিয়াও আমি বন বিভাগক তেনেদৰে কাৰ্যপন্থা হাতত ল’বলৈ আহ্বান জনাইছো ৷" সোমবাৰে হাতী মানুহৰ সংঘাতক লৈ উদ্বিগ্ন হৈ এই মন্তব্য প্ৰকাশ কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta on Man Elephant conflict)৷

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে হাতী মানুহৰ সংঘাত ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ইটোৰ পিছত সিটো বন্যহস্তীৰ আক্ৰমণৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ কলিয়াবৰত প্ৰায়েই বন্যহস্তীৰ সন্ত্ৰাসত বিপদাপন্ন হৈছে জনজীৱন (Wild elephant terror at Koliabor)৷ বিশেষকৈ কলিয়াবৰত দুই-তিনিটা বন্যহস্তীয়ে প্ৰায়ে সন্ত্ৰাস চলাই আহিছে ৷

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা প্ৰায়ে জনাঞ্চলত প্ৰৱেশ কৰে ভোকাতুৰ বন্যহস্তীয়ে ৷ ভিন্ন সময়ত ঘৰ-দুৱাৰ-ভঁড়াল ভাঙি, ধান, চাউল, সা-সম্পত্তি নষ্ট কৰাৰ লগতে একপ্ৰকাৰ কলিয়াবৰৰ গ্ৰাম্যঞ্চলত নিশা আতংকৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে ৷ সেয়ে কলিয়াবৰত ক্ৰমাৎ বাঢ়ি অহা হাতী মানুহৰ সংঘাত নিয়ন্ত্ৰণৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta) বন বিভাগৰ দ্বাৰা বিশেষ ব‍্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে ৷

ইতিমধ্যে বন বিভাগক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাতে বনৰীয়া হাতীৰ জাকৰ জনাঞ্চলত প্ৰৱেশ ৰোধ কৰিব পাৰে তাৰ বাবে বন বিভাগক বনকৰ্মীৰ সংখ্যা বৃদ্ধি কৰিবলৈ দিছে পৰামৰ্শ ৷ বনৰীয়া হাতীয়ে যি পথেৰে জনাঞ্চলত প্ৰায়েই প্ৰৱেশ কৰে, সেই পথসমূহৰ পৰাই গভীৰ বনাঞ্চললৈ হাতীক ওভতাই পঠোৱাৰ ব্যৱস্থা বন বিভাগে কৰিব বুলিও জনাই মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখযোগ্য যে শেহতীয়াকৈ বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে কলিয়াবৰ অন্তৰ্গত বড়িগাঁৱৰ 80 উৰ্ধ্বৰ এগৰাকী বৃদ্ধ (Old man died on elephant attack) ৷

লগতে পঢ়ক: Bhogali bihu preparation in Dhemaji: প্ৰাক্‌ ভোগালীৰ আনন্দত মতলীয়া জামুগুৰিবাসী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.