কলিয়াবৰ, 19 মাৰ্চ : ৰাজ্যত শীঘ্ৰেই উচ্চতৰ মাধ্যমিক শাখাৰ 22 হাজাৰ শিক্ষকক নিযুক্তি দিব ৰাজ্য চৰকাৰে (22 Thousand Teachers to be recruited soon) ৷ 10 মে’ৰ পৰা 10 জুনৰ ভিতৰত দিয়া হ’ব নিযুক্তি ৷ কেবিনেট মন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে কলিয়াবৰত ঘোষণা কৰে (Minister Keshab Mahanta announces appointment of teachers) এই কথা ৷
মন্ত্ৰীগৰাকীয়ে কলিয়াবৰত দ্বিতীয়খন চৰকাৰী মহাবিদ্যালয় স্থাপনৰ কথাও সদৰি কৰে ৷ উল্লেখ্য যে, সদ্য প্ৰকাশিত 2022-23 বৰ্ষৰ বাজেটত কলিয়াবৰত এখন চৰকাৰী মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল । এই খবৰে কলিয়াবৰৰ শিক্ষাৰ্থীসকলক উৎসাহিত কৰে ৷
আনহাতে, একেদিনাই কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ কাৰ্যালয় আৰু সংগ্ৰহালয়ৰ দ্বাৰ মুকলি কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কলিয়াবৰ জিলা সত্ৰ মহাসভা আৰু সমন্বিত যুৱতীৰ্থৰ উদ্যোগত ফল্গুৎসৱৰ লগত সংগতি ৰাখি জিলা সত্ৰ মহাসভাৰ নাটঘৰত আয়োজন কৰা ‘কুলাচল বধ’ ভাওনা উপভোগ কৰে ৷
মন্ত্ৰী কেশৱ মহন্তই ‘কুলাচল বধ’ ভাওনাত ভাও লোৱা ভাৱৰীয়াৰ সৈতেও মত বিনিময় কৰে ৷ কলিয়াবৰ জিলা সত্ৰ মহাসভা আৰু সমন্বিত যুৱতীৰ্থ কলিয়াবৰৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে শ্ৰীশ্ৰী ৰূপনাৰায়ণ গোনামৰা সত্ৰত আয়োজন কৰা হৈছিল ফল্গুৎসৱৰ ।
লগতে পঢ়ক : দৌলগোবিন্দ মন্দিৰৰ পূজাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ