ETV Bharat / state

চাইকেল ৰেলীত অংশগ্ৰহণ কৰি নিৰাপত্তাৰক্ষীক কিয় ধমক দিলে মন্ত্ৰী হিমন্তই ? - বিধানসভা নিৰ্বাচন

নগাঁৱত চাইকেল ৰেলীত অংশগ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ ৰেলীত অংশগ্ৰহণ কৰাৰ সময়তে নিৰাপত্তাৰক্ষীক ধমক দিলে মন্ত্ৰী গৰাকীয়ে ৷

minister-himanta-biswa-sarma-today-visit-nagaon-he-has-part-a-cycle-rally
চাইকেল ৰেলীত অংশগ্ৰহণ কৰি নিৰাপত্তাৰক্ষীক কিয় ধমক দিলে মন্ত্ৰী হিমন্তই ?
author img

By

Published : Feb 3, 2021, 9:22 PM IST

Updated : Feb 3, 2021, 10:07 PM IST

নগাঁও, 3 ফেব্ৰুৱাৰী : সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্যৰাখি ব্যাপক তৎপৰ হৈছে ৰাজনৈতিক দলসমূহে । ইতিমধ্যে, প্ৰতিটো ৰাজনৈতিক দলে বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷

বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে নগাঁৱত এক বিশাল চাইকেল ৰেলীত অংশগ্ৰহণ কৰে ৷ নগাঁও চহৰৰ পৰা শিয়ালমাৰী-দক্ষিণপাট হৈ 25 কিলোমিটাৰ চাইকেল চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় হাঁহিলাত । পাঁচ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা চাইকেল ৰেলীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুষ্পবর্ষনৰে উষ্ম আদৰণি জনায় ৷

ইফালে, ৰেলীৰ মাজতে এগৰাকী বৃদ্ধ লোকে মন্ত্ৰী গৰাকীক সম্বৰ্ধনা জনোৱাৰ সময়ত মন্ত্ৰী গৰাকীৰ নিৰাপত্তাৰক্ষীয়ে বৃদ্ধজনক দুব্যৱহাৰ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই নিৰাপত্তাৰক্ষীক ধমক দিয়ে ৷

চাইকেল ৰেলীত অংশগ্ৰহণ কৰি নিৰাপত্তাৰক্ষীক কিয় ধমক দিলে মন্ত্ৰী হিমন্তই ?

আনহাতে, কিছুদিন পূৰ্বে ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি কোৱা মন্তব্যৰ প্ৰত্যুত্তৰ প্ৰদান কৰি হিমন্ত বিশ্ব শৰ্মাই কমল কুমাৰ মেধিক চিনি নাপাই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰে ৷ ইফালে, ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁট বন্ধনে নিৰ্বাচনৰ সময়ত মধ্য আৰু নামনি অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰিব বুলিও মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক : তেজপুৰ মহাবিদ্যালয়ত দুই ছাত্ৰ গোটৰ মাজত সংঘৰ্ষ

Last Updated : Feb 3, 2021, 10:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.