কলিয়াবৰ, ৩ জুন: পুনৰ প্ৰাণ পাই উঠিব ড৹ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ । শীঘ্ৰেই প্ৰস্তাৱিত সাংস্কৃতিক যাদুঘৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব সুধাকণ্ঠৰ বাসগৃহৰ চৌহদত । বুধবাৰে ড৹ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ পৰিদৰ্শন কৰি এই মন্তব্য কৰে সাংস্কৃতিক পৰিক্ৰমা, ক্ৰীড়া আৰু যুৱ কল্যাণ, শক্তি আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰাই ।
সাংস্কৃতিক যাদুঘৰ নিৰ্মাণৰ কাৰণে যাৱতীয় পুঁজি যোগানৰ ক্ষেত্ৰত ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰীৰূপে কৰণীয় সকলোখিনি কাম আন্তৰিকতাৰে কৰিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে । উল্লেখ্য যে, মন্ত্ৰী কেশৱ মহন্তৰ প্ৰচেষ্টাত সুধাকণ্ঠৰ কুঠৰীস্থিত বাসগৃহটো সাংস্কৃতিক প্ৰকল্পলৈ ৰূপান্তৰিত কৰাৰ আঁচনি হাতত লোৱা হৈছিল । পৰৱৰ্তী কালত দুৰ্ভাগ্যজনকভাৱে বাসগৃহ চৌহদৰ ভূমি বিবাদে জটিলতাৰ সৃষ্টি কৰিছিল ।
এতিয়া সাংস্কৃতিক মন্ত্ৰীৰ দায়িত্ব লৈয়েই বিমল বৰাই তৎপৰতা দেখওৱা কাৰ্যই সুধাকণ্ঠৰ গুণমুগ্ধক আনন্দিত কৰি তুলিছে । আনহাতে, ড৹ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ পৰিদৰ্শন কৰাৰ পাচতে পৰ্যটন বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ বাসগৃহ চৌহদত নিৰ্মাণ কৰা পৰ্যটন নিৱাস পৰিদৰ্শন কৰি অসম্পূৰ্ণ হৈ থকা কাম সোনকালে সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে । পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে চন্দ্ৰ ফুকনৰ পত্নী প্ৰেমদা ফুকনকো সাক্ষাৎ কৰে । মন্ত্ৰীগৰাকীক সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ কামাখ্য প্ৰসাদ তাচাই ।
লগতে পঢ়ক:টীয়কত উদযাপন বিশ্ব চাইকেল দিৱস