ETV Bharat / state

কলিয়াবৰত মুকলি দুগ্ধ শীতলীকৰণ কেন্দ্ৰ

কৰ'ণা পৰিস্থিতিত ক্ষতিগ্রস্ত গো-পালকসকলৰ সুবিধাৰ্থে কলিয়াবৰত পূৰবী ডেইৰীৰ উদ‍্যোগত মুকলি কৰা হয় এক দুগ্ধ শীতলীকৰণ কেন্দ্ৰ । মঙলবাৰে কেন্দ্ৰটো আনুষ্ঠানিকভাবে মুকলি কৰে কলিয়াবৰৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে ।

purabi dairy
কলিয়াবৰত মুকলি দুগ্ধ শীতলীকৰণ কেন্দ্ৰ
author img

By

Published : Jun 2, 2021, 5:51 PM IST

কলিয়াবৰ, ২ জুন : বিশ্ব দুগ্ধ দিৱসৰ দিনাই পূৰবী ডেইৰীৰ উদ‍্যোগত কলিয়াবৰত এক দুগ্ধ শীতলীকৰণ কেন্দ্ৰ মুকলি কৰা হয় । কৰ'ণা পৰিস্থিতিত ক্ষতিগ্রস্ত গো-পালকসকলৰ সুবিধাৰ্থে মুকলি কৰা হয় এই শীতলীকৰণ কেন্দ্ৰটো । ইয়াৰ লগে লগে কলিয়াবৰ অঞ্চলৰ গো-পালকৰ উৎপাদিত গাখীৰ ক্ৰয় কৰিবলৈও আগবাঢ়ি আহিছে পূৰবী ডেইৰী ।

কলিয়াবৰত মুকলি দুগ্ধ শীতলীকৰণ কেন্দ্ৰ

গ্ৰামাঞ্চলৰ একাংশ যুৱক-যুৱতীয়ে গো-পালনেৰে স্বাৱলম্বীতাৰ পথ বাছি লৈছে । কিন্তু বৰ্তমান কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা ন ন নিৰ্দেশনা সমূহে অসুবিধাত পেলাইছে গো-পালকসকলক । উৎপাদিত গাখীৰ বিক্ৰী কৰিবলৈ উপযুক্ত বজাৰৰ অভাৱত কলিয়াবৰৰ একাংশ গো-পালকে বিক্ৰী কৰিব নোৱাৰি লিটাৰে লিটাৰে গাখীৰ পেলাই দিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছিল ।

কিন্তু পূৰবী ডেইৰীয়ে গাখীৰ শীতলীকৰণ প্ৰকল্প নিৰ্মাণ কৰি সমবায় ভিত্তিত গো-পালক সকলৰ পৰা নিতৌ গাখীৰ ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিছে । আনকি গো-পালকসকলে পাব গাখীৰৰ উচিত মূল্যও । দুৰ্যোগৰ সময়ত পূৰবী ডেইৰীয়ে গ্ৰহণ কৰা এনে পদক্ষেপক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে । মঙলবাৰে কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে কলিয়াবৰৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে ।

লগতে পঢ়ক:চিকিৎসকক আক্ৰমণৰ লগত জড়িত 24 অভিযুক্তৰ নাম প্ৰকাশ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.