চামগুৰি, 30 ছেপ্টেম্বৰ : ইউনিফৰ্ম আৰু মধ্যাহ্ন ভোজনৰ নামত ৰূপহীহাটৰ উত্তৰ পুঠিখাইতি মোক্তাব বিদ্যালয়ত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী ৷ এই কেলেংকাৰীত নাম সাঙুৰ খাইছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ ৷ ইতিমধ্যে শিক্ষক গৰাকীক আটক কৰিছে নগাঁও আৰক্ষীয়ে ৷
স্থানীয় একাংশ লোক আৰু অভিভাৱকে অভিযোগ কৰা মতে, বিদ্যালয়খনৰ প্ৰধান শিক্ষক আমিনুল এহচানে দীৰ্ঘদিন ধৰি মধ্যাহ্ন ভোজনৰ নামত আৱন্টিত টকা আত্মসাৎ কৰি আহিছে ৷ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত যিধৰণে বিদ্যালয়ৰ চাউল বিতৰণ কৰিব লাগিছিল সেই ধৰণতে বিতৰণ কৰা হোৱা নাই ৷ কিছু সংখ্যক ছাত্ৰ-ছত্ৰীক 5 ৰ পৰা 10 কেজি কৈ চাউল দিছে যদিও সেই চাউল লাভ কৰাৰ পৰা বঞ্চিত হৈছে বিদ্যালয়খনৰ আন একাংশ ছাত্ৰ-ছাত্ৰী ৷
লগতে পঢ়ক: পৰ্যটকৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান
তদুপৰি, চৰকাৰৰ ফালৰ পৰা ছাত্ৰ-ছাত্ৰীক দিয়া ইউনিফৰ্মৰ নামতো বৃহৎ পৰিমাণৰ টকা আত্মাসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে শিক্ষক গৰাকীৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি, এজোৰো ইউনিফৰ্ম ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা নাই বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে ৷
ইফালে, শিক্ষাৰ্থী জলপানি দিয়াৰ নামতো অনিয়মৰ আশ্ৰয় লৈছে প্ৰধান শিক্ষক গৰাকীয়ে ৷ স্থানীয় লোক আৰু অভিভাৱকে সাংবাদিকৰ আগত সদৰী কৰা মতে, জলপানি দিয়াৰ নামত অভিভাৱকৰ পৰা 350 টকাকৈ সংগ্ৰহ কৰিছিল প্ৰধান শিক্ষক গৰাকীয়ে ৷ নিজৰ বেংক একাউন্টৰ নম্বৰ দি এই টকা সংগ্ৰহ কৰিছিল প্ৰধান শিক্ষক গৰাকীয়ে ৷
লগতে পঢ়ক : অতি শীঘ্ৰে বেদখলমুক্ত হ'ব কলং : ৰূপক শৰ্মা
শিক্ষক গৰাকীয়ে টকা সংগ্ৰহ কৰাৰ কেইবা মাহ পাৰ হৈ যোৱাৰ পাচতো আজিকোপতি ছাত্ৰ-ছাত্ৰী সকলে লাভ নকৰিলে জলপানি ৷ এই বিষয়ত সোধ-পোচ কৰিবলৈ গ'লেও শিক্ষক গৰাকীয়ে দাবী-ধমকিৰে খেদি দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ অভিভাৱক সকলে ৷
উপায়হীন হৈ বিদ্যালয়ৰ প্ৰধান শিক্ষক আমিনুল এহচানৰ বিৰুদ্ধে কাৱৈমাৰী আৰক্ষীৰ থানাত এখন এজাহাৰ দাখিল কৰে স্থানীয় লোকৰ লগতে অভিভাৱক সকলে ৷ উক্ত এজাহাৰৰ ভিত্তিত প্ৰধান শিক্ষক গৰাকীক আটক কৰিছে কাৱৈমাৰী আৰক্ষীয়ে ৷ লগতে ৰাইজৰ অভিযোগৰ ভিত্তিত তদন্তও আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
উল্লেখ্য যে, প্ৰধান শিক্ষক গৰাকীক কাৱৈমাৰী আৰক্ষীয়ে আটক কৰা পাচতে সন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ ইয়াৰ লগতে দোষীক উচিত শাস্তি দিয়া দাবী তুলিছে ৰূপহীহাটৰ উত্তৰ পুঠিখাইতি গাঁৱৰ ৰাইজে ৷
লগতে পঢ়ক : NGO ৰ নামত ডুবাপাৰা টাৰিত বনবিভাগৰ উচ্ছেদ অভিযান