ETV Bharat / state

Dr Bhupen Hazarika’s Apon Ghar: ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্পৰ বাবে সদ্দিচ্ছা নাই চৰকাৰৰ ! - ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্প

ইটিভি ভাৰতত কুঠৰীস্থিত সুধাকণ্ঠৰ বাসগৃহটিৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কুঠৰীবাসীৰ ৷ শিল্প প্ৰাণ চন্দ্ৰ ফুকন সোঁৱৰণী পৰ্যটন ক্ষেত্ৰ আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কুঠৰীস্থিত বাসগৃহটিৰ চৌহদত এখনি সাংস্কৃতিক মহাবিদ্যালয় আৰু সংগ্ৰহালয় স্থাপনৰ আহ্বান কুঠৰীবাসীৰ ( Dr Bhupen Hazarika’s Apon Ghar) ৷

Dr Bhupen Hazarika’s Apon Ghar at Kuthari in Kaliabor
মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ পদান কুঠৰীবাসীৰ
author img

By

Published : Apr 18, 2023, 4:52 PM IST

কুঠৰীস্থিত সুধাকণ্ঠৰ বাসগৃহ সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কুঠৰীবাসীৰ

কলিয়াবৰ, 18 এপ্ৰিল: শিল্প প্ৰাণ চন্দ্ৰ ফুকন সোঁৱৰণী পৰ্যটন ক্ষেত্ৰ আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কুঠৰীস্থিত বাসগৃহটিৰ চৌহদত এখনি সাংস্কৃতিক মহাবিদ্যালয় আৰু সংগ্ৰহালয় স্থাপনৰ আহ্বান কুঠৰীবাসীৰ ৷ ইটিভি ভাৰতত কুঠৰীস্থিত সুধাকণ্ঠৰ বাসগৃহটিৰ বাতৰি প্ৰচাৰ হোৱাৰ পাচতেই মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ পদান কুঠৰীবাসীৰ ৷ ড৹ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ সংৰক্ষণ কৰিবলৈ সদ্দিচ্ছা নাই বৰ্তমানৰ চৰকাৰৰ (Dr Bhupen Hazarika’s Apon Ghar at Kuthari in Kaliabor) ৷

কুঠৰী অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰ প্ৰদান কুঠৰীৰ ৰাইজৰ ৷ কুঠৰী বুঢ়াপাহাৰ অঞ্চলত এখনি মহাবিদ্যালয় স্থাপন কৰা, শিল্প প্ৰাণ চন্দ্ৰ ফুকন সোঁৱৰণী পৰ্যটন ক্ষেত্ৰ মুকলি কৰা, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কুঠৰীস্থিত বাসগৃহটিৰ চৌহদত এখনি সাংস্কৃতিক মহাবিদ্যালয় আৰু সংগ্ৰাহালয় স্থাপন কৰা, কুঠৰীত বাগৰী আৰক্ষী চকীৰ অধীনত এখন অগ্নিনিৰ্বাপক বাহনৰ ব্যৱস্থা গ্ৰহণ কৰাকে ধৰি 10 টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ কুঠৰীৰ ৰাইজে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত প্ৰদান কৰে (Memorandum to CM at Kuthari Kaliabor) ৷

উল্লেখযোগ্য যে, ড৹ ভূপেন হাজৰিকাৰ কুঠৰীস্থিত বাসগৃহটি সংৰক্ষণৰ বাবে লগতে বাসগৃহটিৰ চৌহদত এখনি সাংস্কৃতিক মহাবিদ্যালয় আৰু সংগ্ৰহালয় স্থাপনৰ দাবী দিৰ্ঘদিনে কুঠৰীবাসীয়ে উত্থাপন কৰি আহিছে ৷ কিন্ত এই দাবীৰ প্ৰতি কোনো কোনো কাণসাৰ নাই বৰ্তমানৰ চৰকাৰৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ মাজুলীত বহা প্ৰথমখন কেবিনেট বৈঠকত ড৹ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহটোৰ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ কিন্তু আইনী জটিলতাৰ তথা বৰ্তমানৰ চৰকাৰৰ অমনোযোগিতাৰ বাবে স্থবিৰ হৈ ৰ’ল ড৹ ভূপেন হাজৰিকা সংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা ।

2021 চনৰ 2 জুন তাৰিখে সাংস্কৃতিক মন্ত্ৰী বিমল বড়া কুঠৰিস্থিত বাসগৃহত উপস্থিত হৈ শীঘ্ৰে উক্ত স্থানত এটি সংস্কৃতিক প্ৰকল্প নিৰ্মাণ হ'ব বুলি সাংবাদিকক জানিবলৈ দিছিল । পৰিদৰ্শন কালত বৰেণ্য শিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কুঠৰীস্থিত বাসগৃহটোৰ পৰিসৰত প্ৰস্তাৱিত সাংস্কৃতিক প্ৰকল্প আৰু যাদুঘৰ নিৰ্মাণৰ কাম অনতি পলমে খৰতকীয়াকৈ নিৰ্মাণৰ পোষকতা কৰিছিল মন্ত্ৰীগৰাকীয়ে । তাৰ কাৰণে যাৱতীয় পুঁজি যোগানৰ ক্ষেত্ৰত ৰাজ্য সাংস্কৃতিক মন্ত্ৰী ৰূপে কৰণীয় সকলোখিনি আন্তৰিকতাৰে কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল তেওঁ ৷

কলিয়াবৰৰ তদানীন্তন বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰচেষ্টাত সুধাকণ্ঠৰ কুঠৰীস্থিত বাসগৃহটোক এক সাংস্কৃতিক প্ৰকল্পলৈ ৰূপান্তৰিত কৰাৰ আঁচনি হাতত লৈছিল । পৰৱৰ্তী কালত দুৰ্ভাগ্যজনকভাৱে বাসগৃহটোৰ চৌহদৰ ভূমি বিবাদে বিষয়টোত জটিলতাৰ সৃষ্টি কৰিছিল । আইনী প্ৰক্ৰিয়াৰ বাধাৰ বাবেই বৰ্তমান সম্পূৰ্ণ হোৱাত বাধা আহি পৰিছে সুধাকণ্ঠৰ কুঠৰীস্থিত বাসগৃহটিক লৈ দেখা কলিয়াবৰৰ ৰাইজৰ সপোন ৷ সেয়ে চৰকাৰে অতি শীঘ্ৰে এই সন্দৰ্ভত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰি এই সমস্যা সমাধান কৰিব বুলি আশা প্ৰকাশ কৰিছে ৰাইজে ৷

লগতে পঢ়ক: Rangali Bihu celebration : কলিয়াবৰত মুকলি বিহুতলীত লোক-কৃষ্টিৰ পয়োভৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.