ETV Bharat / state

বামুণী মিকিৰ গ্ৰাণ্ট কাণ্ডৰ তদন্ত দাবী এ জে ৱাই চি পিৰ

author img

By

Published : Jan 3, 2021, 1:38 PM IST

বামুনী মিকিৰ গ্ৰাণ্ট কাণ্ডৰ তদন্তৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ । আৰক্ষীৰ বিৰুদ্ধে কৃষকক নিৰ্মম অত্যাচাৰৰ অভিযোগ । নগাঁৱৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান ।

memorandum
memorandum

নগাঁও, ৩ জানুৱাৰী : কৃষকৰ মাটি চৰকাৰে চক্ৰান্তৰে কাঢ়ি পুঁজিপতিক হস্তান্তৰৰ প্ৰতিবাদত জ্বলিছে বামুণী মিকিৰ গ্ৰান্ট । এটা ব্যক্তিগত কোম্পানীক ৰায়তী খতিয়ানপ্ৰাপ্ত কৃষকৰ ভূমি গতাই দিয়াৰ উদ্দেশ্যে আৰক্ষীয়ে কৃষকৰ ওপৰত নিৰ্মমভাৱে লাঠীচালনা চলায় । আৰক্ষীৰ এই নিৰ্মম কাণ্ডৰ তদন্তৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । উক্ত ঘটনাৰ উচিত তদন্তৰ দাবী জনাই সংঠনটোৰ নগাঁও জিলা সমিতিয়ে নগাঁৱৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে । জিলা সমিতিৰ সভাপতি দীপমনি বড়া আৰু সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া স্বাক্ষৰিত স্মাৰক পত্ৰখনত মিকিৰ বামুণী গ্ৰান্টৰ কৃষকৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ বন্ধ কৰা, আৰক্ষীৰ অত্যাচাৰত আহতসকলক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা, ৰায়তী কৃষকসকলৰ খতিয়ান শীঘ্ৰে প্ৰদান কৰা, ২৯ ডিচেম্বৰৰ ঘটনাৰ তদন্ত ঘোষণা কৰা, আজুৰ কোম্পানীয়ে বিতৰ্কিত ভূমিত চলাই থকা নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবী জনায় । তাৰোপৰি ন্যায়ালয়ৰ চূড়ান্ত ৰায়দান নোহোৱা পৰ্যন্ত নগাঁও জিলা প্ৰশাসনে শান্তি শৃংখলা বৰ্তাই ৰখাৰ অনুৰোধ জনায়। আনহাতে বিবাদিত ভূমিখিনিৰ ওপৰত যিহেতু ন্যায়ালয়ত গোচৰ চলি আছে সেয়েহে কোম্পানীয়ে নিৰ্মাণ কাৰ্য শীঘ্ৰে বন্ধ নকৰিলে তীব্ৰতৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।

memorandum
বামুণী মিকিৰ গ্ৰাণ্ট কাণ্ডৰ তদন্ত দাবী এ জে ৱাই চি পিৰ

উল্লেখ্য যে, সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণী গ্ৰান্টৰ আমদাং গাঁৱৰ ৰায়তী খতিয়ানপ্ৰাপ্ত কৃষি-ভূমিৰ পৰা থলুৱা কৃষকক উচ্ছেদ কৰি সৌৰশক্তি স্থাপন কৰিব খোজাক লৈ অব্যাহত আছে প্ৰতিবাদ । ইয়াৰ বিৰোধিতাৰে সাব্যস্ত কৰা প্ৰতিবাদত যোৱা ২৯ ডিচেম্বৰত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে বামুনী মিকিৰ গ্ৰাণ্টৰ মহিলা আৰু কৃষকৰ ওপৰত নিৰ্মমভাৱে লাঠীচালনা কৰে । এই ঘটনাক লৈ নগাঁৱত গৰজি উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি নিখিল বাৰত কৃষক সভা আৰু অসম ৰাজ্যিক কৃষক সভা ।

লগতে পঢ়ক: কৰিমগঞ্জত মেধাৱী ছাত্ৰীক স্কুটী বিতৰণ পৰিমল শুক্লবৈদ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.